thumbnail

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 4:23 PM IST

ETV Bharat / Videos

বোৱাৰী আত্মহত্যাৰ ঘটনা: স্বামীগৃহই হত্যা কৰাৰ অভিযোগ গাঁওবাসীৰ

কলগাছিয়া, 27 ফেব্ৰুৱাৰী : কলগাছিয়াত সংঘটিত হৈছে বোৱাৰী আত্মহত্যাৰ ঘটনা । স্বামীগৃহই হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া বুলি অভিযোগ উত্থাপন কৰিছে ওচৰ-চুবুৰীয়াই । সন্ধিয়া কাজিয়া কৰিছিল শাহু-বোৱাৰীয়ে । খঙতে চিপ লৈ আত্মহত্যা কৰিছে বুলি মন্তব্য কৰিছে স্বামীয়ে । আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত পূব কলগাছিয়াত সংঘটিত হৈছে এই ঘটনা । ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ ।

উল্লেখ্য যে, খাৰবাল্লী গাঁৱৰ নিবাসী নুৰ উদ্দিনৰ ছোৱালী তাৰা ভানু (২২) ৰ পূব কলগাছিয়াৰ নাজিৰ আলীৰ পুত্ৰ আকছেদ আলীৰ সৈতে সামাজিক নিয়ম মতে বিয়া হোৱা চাৰি বছৰ হৈছিল ৷ বিয়াৰ পিচৰে পৰাই শাহু, শহুৰেক আৰু স্বামীয়ে মিলি বোৱাৰী তাৰা ভানুক নানা ধৰণে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল বুলি অভিযোগ উত্থাপন হৈছে । সোমবাৰে সন্ধিয়া তাৰা ভানুক মাৰধৰ কৰিছিল স্বামীয়ে । দুয়োৰে এটা কণমানি পুত্ৰ সন্তান আছে ৷ তাৰা ভানুৰ মৃত্যুত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে । আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে থানালৈ লৈ যায় ৷ এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে তাৰা ভানুৰ পিতৃ পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক : চাঞ্চল্যকৰ ঘটনা: শুই থকা অৱস্থাতে উদ্ধাৰ মাতৃ-পুত্ৰৰ মৃতদেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.