বন্যহস্তীৰ উপদ্ৰৱ, পুনৰ ভাঙিলে চাহ শ্ৰমিকৰ বাসগৃহ - Man Elephant Conflict

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 2:27 PM IST

thumbnail
কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ (ETV Bharat Assam)

কলিয়াবৰ,২৭ জুন: বন্যহস্তীৰ সৈতে যেন সহবাস কৰিছে কলিয়াবৰবাসীয়ে । প্ৰতিটো নিশাই বন্যহস্তীৰ ত্ৰাসত উজাগৰী নিশা কটাবলগীয়া হৈছে কলিয়াবৰবাসীয়ে । দীৰ্ঘদিনীয়া সমস্যা সমাধানত যেন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ পৰিছে কলিয়াবৰৰ ৰাইজ । পুনৰ বুধবাৰে নিশা কলিয়াবৰৰ সোণাৰী চাহ বাগিচাত এটা বন্যহস্তীয়ে চলাই উপদ্ৰৱ । বনৰীয়া হাতীটোৱে উপদ্ৰৱ চলাই ভাঙি লণ্ডভণ্ড কৰে বাগিচাখনৰ বগা গঞ্জু নামৰ লোকজনৰ বাসগৃহ । কথমপি প্ৰাণৰক্ষা পৰে লোকজনৰ ।  

ভুক্তভোগী লোকজনে জনোৱা অনুসৰি হাতীটোৱে উপদ্ৰৱ চলোৱাৰ সময়ত বাসগৃহটোত নাছিল লোকজন । ওচৰৰে ভতিজাৰ ঘৰতে থকাৰ সময়তে হাতীটোৱে চলাই উপদ্ৰৱ । দুসপ্তাহ পুৰ্বেও বগা গঞ্জুৰ বাসগৃহৰ ক্ষতিসাধন কৰিছিল বন্যহস্তীয়ে । ইফালে স্থানীয় লোকে উল্লেখ কৰা অনুসৰি বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাত ব্যৰ্থ বনবিভাগ । প্ৰশাসন, বন বিভাগৰ সহায় বিচাৰি কলিয়াবৰীয়া ৰাইজে জনোৱা গোঁহাৰিৰ কোনো সুফল পোৱা নাই আজি পৰ্যন্ত । পূৰ্বে ধান পকাৰ দিনতহে বন্যহস্তীয়ে উপদ্ৰৱ কৰিছিল যদিও এতিয়া খাদ্যৰ সন্ধানত বাৰ মাহেই কলিয়াবৰৰ জনাঞ্চলত বনৰীয়া হাতীৰ বিচৰণ দেখিবলৈ পোৱা যায় । যাৰ ফলত জন-ধনৰ হানি স্বাভাৱিকতে বৃদ্ধি হৈছে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.