ফলাফলক লৈ কিয় আশাবাদী পৰিমল শুক্লবৈদ্য ? - Lok Sabha Election Results 2024

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 8:50 AM IST

thumbnail
ফলাফলক লৈ কিয় আশাবাদী পৰিমল শুক্লবৈদ্য (ETV Bharat)

শিলচৰ,৪ জুন : আৰম্ভ হ'ল লোকসভা নিৰ্বাচনৰ ভোটগণনা । অসমৰো প্ৰতিটো সমষ্টিৰ নিৰ্দিষ্ট স্থানসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে । কাছাৰ জিলাৰ শিলচৰ ৰামনগৰ আইএছবিটিত আৰম্ভ হৈছে শিলচৰ লোকসভা সমষ্টিৰ ভোটগণনা ।

লগতে পঢ়ক :লাহোৱাল পলিটেকনিকত আৰম্ভ ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভোটগণনাৰ প্ৰস্তুতি - Lok Sabha Election Results 2024

ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে উক্ত স্থানত উপস্থিত কেবিনেট মন্ত্ৰী তথা বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য । ভোটগণনা প্ৰক্ৰিয়াৰ প্ৰস্তুতিৰ বুজ লয় প্ৰাৰ্থীগৰাকীয়ে । পৰিমল শুক্লবৈদ্য আশাবাদী যে তেওঁ সমষ্টিটোৰ পৰা বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হ'ব । তেওঁ আশা কৰা মতে ৩ লাখৰো অধিক ভোট তেওঁ লাভ কৰিব । ইফালে তেওঁ দৃঢ় বিশ্বাসী যে নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিবলৈ শিলচৰৰ ৰাইজে বিজেপিক ভোট দিছে ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.