শিশু শ্ৰমিক ব্যৱহাৰৰ অভিযোগত আটক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতিক - child labour

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 10:03 PM IST

thumbnail
শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগত আটক কৃষক নেতা (ETV Bharat Assam)

জোনাই, 26 জুলাই : কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় উপ-সভাপতি চেইফ পাৱক শিশু শ্ৰমিক নিয়োগ কৰাৰ অভিযোগত বৃহস্পতিবাৰে বিয়লি জোনাই আৰক্ষীয়ে আটক কৰে ৷ জানিব পৰামতে বৃহস্পতিবাৰে চেইফ পাৱৰ এখন দোকানগৃহ নিৰ্মাণ কৰি থকা কামত মিস্ত্ৰীগৰাকীয়ে দুটি শিশু শ্ৰমিক অৰ্থাৎ মিস্ত্ৰী গৰাকীৰ এগৰাকী ভতিজা আৰু ভায়েকক কামত নিয়োগ কৰা বুলি অভিযোগ উত্থাপন হয় ৷ তেনে সময়তে মিচিং জাতীয় সংগঠন TMPK ৰ একাংশ কৰ্মীয়ে শিশু দুটিক কাম কৰি থকা প্ৰত্যক্ষ কৰে 

লগে লগে সংগঠনটোৰ সদস্যই জোনাই থানাত শিশু দুটিক গতাই দি চেইফ পাৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ এই ঘটনাৰ পিচতে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এটি সজাতি দল জোনাই থানাত উপস্থিত হয় ৷ চেইফ পাৱক জোনাই আৰক্ষীয়ে কোনো কাৰণ নোহোৱাকৈ বৃহস্পতিবাৰৰ আবেলিৰ পৰা জোনাই আৰক্ষীয়ে আৱদ্ধ কৰি ৰখা বুলি অভিযোগ কৰিছে সংগঠন দুটাৰ সদস্যই ৷ ইফালে যদিহে নেতাগৰাকীক আজিৰ ভিতৰত জোনাই আৰক্ষীয়ে মুকলি কৰি নিদিয়ে তেন্তে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সংগঠনটোৱে ৷
 

লগতে পঢ়ক : মেঘালয় টুৰিষ্ট টেক্সি চালকৰ পথ অৱৰোধ : চেৰাপুঞ্জীত আৱদ্ধ অসমৰ শ শ পৰ্যটক - Meghalaya Taxi Driver Protest

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.