লখিমপুৰত বিষাক্ত মোচোৰা গোম উদ্ধাৰ - Venomous Snake Rescued - VENOMOUS SNAKE RESCUED
🎬 Watch Now: Feature Video


Published : Jul 23, 2024, 8:44 PM IST
লখিমপুৰ, ২৩ জুলাই: লখিমপুৰত বিষাক্ত মোচোৰা গোম সাপ উদ্ধাৰ । লখিমপুৰ নগৰৰ খেলমাটি এলেকাত মঙলবাৰে দুপৰীয়া এটা বিষাক্ত মোচোৰা গোম সাপ উদ্ধাৰ হয়। খেলমাটিৰ লখিমপুৰৰ বিধায়কৰ আৱাসৰ সমীপতে থকা এটা ছাত্ৰী নিৱাসৰ পৰা বন বিভাগে সাপটো উদ্ধাৰ কৰে ।
ছাত্ৰী নিৱাসৰ ভিতৰফালে থকা কেইখনমান টাইলছৰ মাজৰ সাপটো সোমাই আছিল । এই নিৱাসৰ গৰাকীয়ে সাপটো প্ৰত্যক্ষ কৰি জিলাৰ বন বিভাগক অৱগত কৰাত দুজন বন বিষয়াৰ সৈতে অহা বিশেষজ্ঞ ড৹ হিৰণ্ময় চেতিয়াই বহু যত্ন কৰি সাপটো ধৰিবলৈ সক্ষম হয় । পিচত বন বিভাগৰ লোকে সাপটো নগৰৰ সমীপৰ পহুমৰাৰ কাষতে থকা শতজান জলাশয়ত এৰি দিয়ে । উল্লেখ্য প্ৰায় ৮ ফুট দৈর্ঘ্যৰ এই সাপডাল পূৰ্ণবয়স্ক আৰু অতি বিষাক্ত প্ৰজাতিৰ বুলি কয় বিশেষজ্ঞ ড৹ হিৰণ্ময় চেতিয়াই ।