কৃষ্ণগুৰু সেৱাশ্ৰমত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল - Sarbananda Sonowal

By ETV Bharat Assamese Team

Published : Jun 29, 2024, 10:40 PM IST

thumbnail
কৃষ্ণগুৰু সেৱাশ্ৰমত সৰ্বানন্দ সোণোৱাল (ETV Bharat Assam)

বৰপেটা, ২৯ জুন : কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি সৰ্থেবাৰীস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত হয় । নতুন চৰকাৰৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পিচত সোণোৱাল আজি প্ৰথমবাৰলৈ সেৱাশ্ৰমখনত উপস্থিত হয় ।

উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী হ’ল আধ্যাত্মিক গুৰু কৃষ্ণগুৰুৰ অনুগামী তথা শিষ্য । শনিবাৰে বিয়লি সেৱাশ্ৰমখনত উপস্থিত হৈ সোণোৱালে প্ৰথমে আশ্ৰমৰ সুব্ৰত কুণ্ডত উপস্থিত হৈ কৃষ্ণগুৰু এক নাম জপ কৰে ।‌ তাৰ পিচত কৃষ্ণ গুৰু প্ৰভুৰ সমাধিস্থলীত সেৱা জনাই মূল কীৰ্তনঘৰত উপস্থিত হয় ৷ তাৰপিচত বৰ্তমানৰ গুৰু প্ৰামানন্দ প্ৰভূ আৰু গুৰুপত্নী কুন্তলা পাটোৱাৰীক সাক্ষাৎ কৰে ।

আনহাতে মন্ত্ৰী সোণোৱালে কয় যে গুৰুৰ আশীৰ্বাদ আৰু ভাৰতবৰ্ষৰ জনসাধাৰণৰ আশীৰ্বাদত নিষ্ঠা আৰু সততাৰে তেওঁ কাম কৰি যাব । মানৱসেৱাক সদায় অগ্ৰাধিকাৰ দি অহা বুলি উল্লেখ কৰা সোণোৱালে সমাজৰ পৰা অশুভ শক্তিক নাইকিয়া কৰি একতাৰ বান্ধোনেৰে সকলোকে আগুৱাই নিয়ায় বাবে কাম কৰি যাব বুলিও কয় ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ বন্দৰ, জলপথৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰবল ভূমিকা আগবঢ়াই নিব বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷

লগতে পঢ়ক: সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত লোকসভাৰ অধ্যক্ষক সাক্ষাৎ অসমৰ এনডিএৰ সাংসদৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.