thumbnail

বিৰোধীয়ে দুৰ্যোগৰ সময়ত ৰাজনীতি কৰিব নালাগে: পবিত্ৰ মাৰ্ঘেৰিটা - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 9:11 PM IST

টীয়ক, ৭ জুলাই: টীয়কৰ বগৰীগুৰিত দেওবাৰে কেন্দ্ৰীয় ৰাজ্য়িক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বান পৰিস্থিতিৰ বুজ লয় । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাইজৰ সৈতে বাৰ্তালাপ কৰি সাময়িক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত জিলা প্ৰশাসনক আহ্বান জনায় । লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাইজক এই বানৰ সময়ত সকলো সা-সুবিধা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰ প্ৰস্তুত হৈ আছে বুলি মন্তব্য কৰে ।

উক্ত কাৰ্যসূচীতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিৰোধীক আক্ৰমণ কৰি কয়," বিৰোধীয়ে এই দুৰ্যোগৰ সময়ত ৰাজনীতি কৰিব নালাগে । এনে সংকটৰ সময়ত দুৰ্নীতি,পোৱা-নোপোৱাৰ কথা কৈ দিনে-নিশাই বান দুৰ্গত ৰাইজৰ কাৰণে কাম কৰি থকা কৰ্মচাৰী সকলক তাচ্ছিল্য কৰিব নালাগে । সকলোৱে মিলি বানৰ পাচৰ পৰিস্থিতি কেনেদৰে মোকাবিলা কৰিব পাৰে সেয়াহে চিন্তা কৰিব লাগে ।"

ইপিনে,বান ক্ষতিগ্ৰস্ত ৰাইজক ক্ষতিপূৰণৰ লগতে সকাহ দিব পৰাকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আঁচনি যুগুত কৰিছে বুলি মন্তব্য় কৰে । ৭ দিন পানীৰ মাজত থকা বগৰীগুৰিবাসী ৰাইজৰ বাট-পথ, এখন প্লেটফৰ্মৰ দৰে বহুকেইটা দীৰ্ঘদিনীয়া সমস্যা সমাধানৰো আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে । উক্ত কাৰ্যসূচীত মন্ত্ৰীগৰাকীক বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলা আয়ুক্তসহ প্ৰশাসনিক বিষয়াই সংগ দিয়ে ।

লগতে পঢ়ক:অপৰিৱৰ্তিত বান পৰিস্থিতি: ৰাজ্যৰ প্ৰায় ২৪ লাখ লোক ক্ষতিগ্ৰস্ত, মৃত্যুৰ সংখ্যা ৫৮ লৈ বৃদ্ধি - Assam Flood 2024

বানে প্ৰাণ ল'লে শিশুৰ, বাঢ়নী পানীত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.