শিৱসাগৰৰ দুটাকৈ স্থানৰ পৰা সন্দেহজনক বোমা উদ্ধাৰ আৰক্ষীৰ - ULFA I Bomb plan

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 1:48 PM IST

thumbnail
শিৱসাগৰৰ দুটাকৈ স্থানৰ পৰা সন্দেহজনক বোমা উদ্ধাৰ (ETV Bharat Assam)

শিৱসাগৰ, 15 আগষ্ট: 78 সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ মাজতে শিৱসাগৰকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত হাহাকাৰ । আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এক বিবৃতিৰ পাছতে অসম আৰক্ষীৰ মাজত হাহাকাৰ । শিৱসাগৰ নগৰৰ দুটা স্থানৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 19 টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা স্বাধীনৰ । শিৱসাগৰৰ বাইপাছস্থিত পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সমীপত আৰু অ’এনজিচি ক’লনীৰ সমীপৰ লখিমীনগৰত বোমা সংস্থাপন কৰাৰ দাবী ।

কাৰিকৰী বিজুতিৰ বাবে বোমা নুফুটাৰ কথা সদৰী বিবৃতিত । ৰাইজৰ সুৰক্ষাৰ বাবে বোমা নিষ্ক্ৰিয়কৰণৰ আহ্বান আলফা স্বাধীনৰ । ইতিমধ্যে শিৱসাগৰৰ লখিমীনগৰৰ সমীপৰ এখন পৰিত্যক্ত ১০৮ এম্বুলেন্সত বোমা উদ্ধাৰ । আৰক্ষীৰ মেটেল ডিটেক্টৰৰ দ্বাৰা বোমা থকাৰ কথা নিশ্চিত কৰা হৈছে । সেইদৰে পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সমুখতো লাভ কৰিছে বোমা । আৰক্ষীয়ে নিষ্ক্ৰিয়কৰণৰ বাবে গ্ৰহণ কৰিছে ব্যৱস্থা ৷

লগতে পঢ়ক: আন এক ধেমাজিকাণ্ডৰ পৰা ৰক্ষা পৰিল অসম: 19 টা স্থানত আলফা(স্বাঃ)ই ৰাখি থোৱা বোমা নুফুটিল কাৰিকৰী কাৰণত - 78th Independence Day

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.