হত্যাৰ সন্দেহত পত্নীসহ দুজনক গ্ৰেপ্তাৰ - JONAI MURDER CASE
🎬 Watch Now: Feature Video
Published : Oct 25, 2024, 10:46 PM IST
জোনাই: ধেমাজি জিলাৰ জোনাইত এগৰাকী মহিলাই স্বামীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই ঘটনাটো সংঘটিত হৈছে জোনাইৰ লুহিজান গাঁৱত । উত্থাপিত অভিযোগ মতে, লুহিজান গাৱঁৰ মহিলা এগৰাকীয়ে প্ৰথমে গোগামুখৰ ভূৱন কোঁৱৰলৈ বিয়া হৈছিল ৷ কিন্ত বিয়াৰ কেইবাবছৰৰ পিছত স্বামীক এৰি অন্য এগৰাকী পুৰুষৰ সৈতে দ্বিতীয়বাৰ বিবাহপাশত আৱদ্ধ হয়।
দ্বিতীয় স্বামীৰ গৃহত থাকিব নোৱাৰি মহিলাগৰাকীয়ে পিতৃগৃহ জোনাইৰ লুহিজান গাঁৱলৈ উভতি আহে ৷ এনেতে মহিলাগৰাকীৰ প্ৰথম স্বামী গোগামুখৰ ভূৱন কোঁৱৰে জোনাইৰ পিতৃগৃহত থকা পত্নীক ওভতাই নিবলৈ অহাৰ সময়তে বুধবাৰে মহিলাগৰাকীৰ পিতৃগৃহৰ এজোপা গছত ওলমি থকা অৱস্থাত ৰাইজে দেখা পাই আৰক্ষীক খবৰ দিয়ে ৷ কিন্তু মহিলাগৰাকীয়ে আত্মীয়ৰ সৈতে মিলি নিজৰ স্বামীক হত্যা কৰি ঘৰৰ পিছফালে থকা এজোপা গছত ওলমাই ৰাখি আত্মহত্যা ৰূপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ তুলিছে লোকজনৰ আত্মীয়ৰ লগতে স্থানীয় ৰাইজে ।
ইফালে, ঘটনা সন্দৰ্ভত প্ৰথম স্বামীৰ পৰিয়ালে জোনাই থানাত এজাহাৰ দাখিল কৰাৰ পিছতে জোনাইত আৰক্ষীয়ে c/105/24 u/s 61(2)/103(1)/3(5)BNS নম্বৰ গোচৰ ৰুজু কৰি শুক্ৰবাৰে মহিলাগৰাকীসহ দুজনক গ্ৰেপ্তাৰ কৰি সোধা-পোচা কৰি আছে ।