দক্ষিণ কামৰূপত বিবাহ যাত্ৰীৰ বাহন বাগৰি নিহত ২ জন - Road accident in Mirza
🎬 Watch Now: Feature Video
Published : Feb 4, 2024, 5:16 PM IST
মিৰ্জা, ৪ জানুৱাৰী: দক্ষিণ কামৰূপৰ মিৰ্জা-চানডুবি পথত যোৱা নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই পথতেই বাগৰি পৰে বৰযাত্ৰীৰ বাহন ৷ AS 01 NC 3735 নম্বৰৰ বাহনখনত আহিছিল ২৫ জনৰো অধিক যাত্ৰী । পিচত নিশাই মিৰ্জা প্ৰাথমিক চিকিৎসালয়ত আহত যাত্ৰীসকলক ভৰ্তি কৰোৱা হয় যদিও পিছত কেইবাজনৰো অৱস্থা সংকটজনক হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় । নিশাই ইয়াৰ ভিতৰত দুজন যাত্রীৰ মৃত্য়ু হয় । নিহত যাত্ৰী দুজন হৈছে বাগান সমীপৱৰ্তী হাতীবন্ধাৰ হৰকান্ত ৰাভা আৰু টেঙাখালৰ শংকৰ ৰাভা ।
বৰযাত্ৰীৰ লগত যোৱা বাহনখন দক্ষিণ কামৰূপৰ পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বাগান নাৰায়ণপুৰত দুৰ্ঘটনাত পতিত হয় । কি কাৰণত পথ দুৰ্ঘটনাটো সংঘটিত হয় সেয়া জানিব পৰা হোৱা নাই যদিও অধিক যাত্রী কঢ়িওৱাৰ ফলতেই নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ।
লগতে পঢ়ক:ৰাজ্যজুৰি কংগ্রেছৰ ক’লা দিৱস পালন