উৰণ সেতু, পথ সম্প্ৰসাৰণৰ নামত প্ৰকৃতিৰ ওপৰত হাতোৰা - Deforestation in Assam

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 7:45 PM IST

thumbnail
উৰণ সেতু, পথ সম্প্ৰসাৰণৰ নামত প্ৰকৃতিৰ ওপৰত হাতোৰা (ETV Bharat Assam)

গুৱাহাটী, ২৬ আগষ্ট : এফালে অমৃত বৃক্ষ আন্দোলন, আনফালে বন ধ্বংসযজ্ঞ । উন্নয়নৰ নামত ৰাজ্যত অব্যাহত আছে বন ধ্বংসযজ্ঞ । উৰণ সেতু আৰু পথ সম্প্ৰসাৰণৰ নামত মহানগৰীত এফালৰ গছ কাটি তহিলং কৰিছে বন বিভাগে । নিশাৰ ভিতৰতে গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱত কটা হ’ল ইজোপাৰ পিচত সিজোপাকৈ পুৰণি গছ । ইয়াকে লৈ সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।

ৰুক্মিণী গাঁৱৰ স্থানীয় বাসিন্দা মুকুট নাথে জনোৱা অনুসৰি, মহানগৰীৰ জি এছ ৰোডৰ ৰুক্মিণী গাঁৱত উৰণ সেতু নিৰ্মাণৰ নামত দেওবাৰে নিশা বন বিভাগে ১০-২০ জোপা গছ কটা হয় । প্ৰায় ১০০ মিটাৰৰ ভিতৰত কেইবাজোপাও পুৰণি গছ কাটি পেলায় । পথৰ কাষৰ গছ নকটাকৈ উৰণ সেতু নিৰ্মাণ কৰাৰ বাবে দাবী জনায় ।

যি সময়ত গোলকীয় উষ্ণতা বৃদ্ধিৰ লগতে প্ৰদূষণৰ মাত্ৰা মহানগৰীত বৃদ্ধি পাইছে সেই সময়ত এইদৰে উন্নয়নৰ নামত বন বিভাগে মহানগৰীৰ গছ কাটি তহিলং কৰাটো সহজে মানি ল’ব পৰা সচেতন ৰাইজে । উল্লেখ্য যে, মহানগৰীৰ উন্নয়নৰ নামত গছ কাটি তহিলং কৰা কাৰ্য এয়ে প্ৰথম নহয় । পূৰ্বেও মহানগৰীত উৰণ সেতু নিৰ্মাণ, পথ সম্প্ৰসাৰণৰ নামত বহু মূল্যৱান গছ কটা হৈছিল ।

লগতে পঢ়ক: সৰুপথাৰত নলা নিৰ্মাণৰ নামত এফালৰ পৰা কাটিছে গছ - Deforestation in Assam

চৰকাৰী কাৰ্যালয়ত মুকলিকৈ চলিছে বনধ্বংস যজ্ঞ: স্থানীয় দল-সংগঠনৰ ক্ষোভ প্ৰকাশ - Deforestation in Golaghat

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.