thumbnail

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 10:56 PM IST

ETV Bharat / Videos

পৰম্পৰাগত বিধিৰে পলাশবাৰীত সুঁৱেৰী উৎসৱ - suwori utsav

মিৰ্জা, 26 মাৰ্চ : দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ লোহাৰঘাটৰ এখন বিশেষ দেৱালয় । জনমানসত পৌৰাণিক বিশ্বাস আৰু অনন্য পৰম্পৰাৰে উজলি আছে এই দেৱালয়খন । অলৌকিক শক্তিৰে সমৃদ্ধ এখন বিগ্ৰহ, যাৰ নৃত্যৰ দৃশ্য দেখিলে আপুনিও আচৰিত হ’ব ।

খোল-তাল-ঢুলীয়া সহিতে কান্ধত তুলি লৈ যোৱা বিগ্ৰহটোৱে দেখুৱাই অলৌকিক শক্তি । চাৰিদিনীয়াকৈ উদযাপন কৰা দৌল উৎসৱৰ সুঁৱেৰীৰ দিনা অৰ্থাৎ হোলীৰ দিনটোত বিগ্ৰহটো লৈ অঞ্চলটো পৰিভ্ৰমণ কৰা হয় । এই যাত্ৰাপথত বিগ্ৰহটোৱে কেনেকুৱা আচৰণ কৰে, তাৰ দৃশ্য চকুৰে প্ৰত্যক্ষ নকৰিলে বিশ্বাস কৰিব নোৱাৰি । পলাশবাৰী সমষ্টিৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী মদনমোহন মাটিফুটা দেৱালয়ৰ সুঁৱেৰীস্থলীৰ দৃশ্য এয়া । সুঁৱেৰী উৎসৱ চাবলৈ অহা লোক আৰু উদ্যোক্তা সমন্বিতে অনুষ্ঠিত কৰা এই সুঁৱেৰী উৎসৱত সহস্ৰাধিক লোকৰ সমাগম ঘটে । অলৌকিক শক্তিৰে সমৃদ্ধ এই বিগ্ৰহটো চৌদিশ পৰিভ্ৰমণ কৰাৰ বাবে দেৱালয়ৰ পৰা উলিয়াই অনাৰ পিচত বিভিন্ন ধৰণে শক্তি প্ৰদৰ্শন কৰে বুলি জনমানসত বিশ্বাস আছে । তাৰেই কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়ালো ।

লগতে পঢ়ক : আৱিৰৰ ৰঙেৰে ৰঙীন মাজুলীৰ আকাশ-বতাহ - Assam Holi Celebration

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.