তিনিচুকীয়া আৰক্ষীৰ বিশেষ সজাগতামূলক মাৰ্চ - Lok Sabha election preparation

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 8:49 PM IST

তিনিচুকীয়া,২ মাৰ্চ : সমাগত লোকসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে বিশেষ ৰণনীতি গ্ৰহণ কৰিছে প্ৰশাসনে । তাৰ অংশ হিচাপে নিৰ্বাচনকেন্দ্ৰিক হিংসা প্ৰতিহত কৰাৰ বাবেও তৎপৰ হৈছে আৰক্ষী । যিকোনো অভাৱনীয় আইন শৃংখলাজনিত পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আৰক্ষী আৰু জিলা প্ৰশাসনে সজাগতামূলক কাৰ্যসূচীও ৰূপায়ণ কৰিছে ।

ইয়াৰ মাজতে শনিবাৰে তিনিচুকীয়া চহৰৰ থানা চাৰিআলিত এক বিশেষ দৃশ্য দেখা গ'ল । তিনিচুকীয়া আৰক্ষীৰ উদ্যোগত এক বিশাল মাৰ্চৰ আয়োজন কৰা হয় । আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে এই বিশেষ মাৰ্চ বুলি উল্লেখ কৰে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে । এই কাৰ্যসূচীত তিনিচুকীয়া আৰক্ষীৰ লগতে অৰ্ধসামৰিক বাহিনীৰ ৬৮ নং বেটেলিয়ন, অসম আৰক্ষীৰ কামাণ্ড বাহিনীও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :ফণীভূষণ চৌধুৰীৰ প্ৰাৰ্থিত্বক লৈ বঙাইগাঁৱত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.