thumbnail

চুৰি হোৱা ১০টাকৈ চিলিণ্ডাৰসহ গ্ৰেপ্তাৰ কুখ্যাত চোৰ - Theft Incident

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 9:59 PM IST

বৰপেটা, 1 জুন : সৰ্থেবাৰী আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা ৷ চুৰি হোৱা দহটাকৈ চিলিণ্ডাৰ উদ্ধাৰ কৰাৰ লগতে চুৰিকাৰ্যত জড়িত থকাৰ অভিযোগত এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে সৰ্থেবাৰী আৰক্ষীয়ে ৷ শুকুৰবাৰে নিশা সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন কোঁৱৰৰ নেতৃত্বত মাজদিয়া আৰক্ষীৰ সহযোগত ভেল্লাৰ বনবৰীয়া গাঁৱত চলোৱা অভিযানত উদ্ধাৰ কৰা হয় চুৰি হোৱা দহটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ ৷  

উল্লেখ্য যে 29 মে'ত সৰ্থেবাৰী থানাৰ অন্তৰ্গত বৰকাপলাৰ হিমাংশু নাথৰ দোকানৰ পৰা চুৰি হৈছিল গেছভৰ্তি চিলিণ্ডাৰকেইটা ৷ সৰ্থেবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোৰঞ্জন কোঁৱৰৰ নেতৃত্বত আৰু তৎপৰতাত চিলিণ্ডাৰ চুৰিত জড়িত থকাৰ অভিযোগত বৰপেটাৰ পালহাজীৰ ইচাব খানৰ পুত্ৰ আৰচ খানক আটক কৰা হয় ৷ ধৃত আৰচ খানৰ স্বীকাৰোক্তিৰ ভিত্তিত সৰ্থেবাৰী আৰক্ষীয়ে আৰচ খানক লগত লৈ শুকুৰবাৰে নিশা ভেল্লাৰ বনবৰীয়া গাঁৱত অভিযান চলায় ৷ ধৃত আৰচ খানৰ ভেল্লাৰ বনবৰীয়া গাঁৱৰ শহুৰেকৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে দহটাকৈ চুৰি গেছভৰ্তি চিলিণ্ডাৰ ৷   

লগতে পঢ়ক :  আৰক্ষীৰ জালত গৰুচোৰৰ গেং - COW SMUGGLERS DETAINED

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.