কালিয়নী আৰু দৈগ্ৰোঙৰ ভয়ংকৰ ৰূপ : জন-জীৱনলৈ ভাবুকি - Daigrong and Kaliyoni river

By ETV Bharat Assamese Team

Published : May 29, 2024, 5:53 PM IST

thumbnail
কালিয়নী আৰু দৈগ্ৰোঙৰ ভয়ংকৰ ৰূপ (Etv Bharat Assam)

গোলাঘাট,২৯ মে': সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাতো ধুমুহা আৰু বৰষুণৰ ফলত বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে ব্যাহত হৈ পৰিছে স্বাভাৱিক জন-জীৱন । ধুমুহাৰ ফলত প্ৰকাণ্ড প্ৰকাণ্ড গছ বাগৰি পৰাত ক্ষতিসাধন হৈছে সাধাৰণ লোকৰ । যোৱা কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ব্যাপক হাৰত বৃদ্ধি পাইছে কালিয়নী আৰু দৈগ্ৰোং নদীৰ জলস্তৰ ।  

কাৰ্বি আংলং জিলাৰ পাহাৰৰ পৰা বৈ অহা কালিয়নী নৈৰ মাজত আৱদ্ধ হৈ পৰিছে বালি কঢ়িওৱা ডাম্পাৰ । ইফালে কালিয়নী নৈৰ বাঢ়নী পানীত পংকাগ্ৰান্ট, কানাইঘাটৰ কিছু লোকৰ ঘৰ-খেতিপথাৰ পানীত বুৰ গৈছে বুলি জানিব পৰা গৈছে । বিপদসীমাৰ ওপৰেৰে বৈছে কালিয়নী নৈৰ পানী । যাৰ ফলত নুমলীগড় শোধনাগাৰলৈ সামগ্ৰী কঢ়িওৱা নতুন দলংখনলৈয়ো আহি পৰিছে ভাবুকি । 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.