thumbnail

মানুহে মানুহৰ বাবে... বানপীড়িতৰ বাবে সুৰ বাহিনীৰ সাহাৰ্য সংগ্ৰহ - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 24, 2024, 10:43 PM IST

সৰুপথাৰ,২৪ জুলাই: বানত জুৰুলা ৰাজ্যৰ বিভিন্ন প্ৰান্ত । বান কমিল বান কমিল যদিও নকমিল বানাক্ৰান্তৰ লোকৰ দুদৰ্শা । এতিয়াও আশ্ৰয় শিবিৰৰ পৰা আপোন ঘৰখনলৈ উভতিব পৰা নাই বহু পৰিয়াল । বেদনাদায়ক দৃশ্যৰ বাতৰি সম্প্ৰচাৰ হৈ আহিছে নিতৌ । বানাক্ৰান্তৰ কাষত মন্ত্ৰী-বিধায়ক কিম্বা দল-সংগঠনে প্ৰদান কৰিছে সাহাৰ্য । এইবাৰ এটা দলে ব্যতিক্ৰমী ৰূপত বান সাহাৰ্য সংগ্ৰহত ব্যস্ত হৈ পৰা দেখা গ'ল সৰুপথাৰত ।

বানপীড়িত লোকৰ বাবে গোলাঘাট সুৰ বাহিনীয়ে সংগীতৰ জৰিয়তে ৰ'ড শ্ব' কৰি সৰুপথাৰত সংগ্ৰহ কৰে সাহাৰ্য । গোলাঘাট জিলাৰ সুৰ বাহিনীয়ে সুৰেৰেই জিলাখনৰ গোলাঘাট, দেৰগাঁও, সৰুপথাৰ, বৰপথাৰ, মেৰাপানী ইত্যাদি ঠাইত গীত পৰিৱেশন কৰি আৰ্থিক সাহাৰ্য সংগ্ৰহ কৰে । "মানুহে মানুহৰ বাবে..." কথাষাৰিৰ মহত্বক সন্মান জনাই গোলাঘাট সুৰ বাহিনীয়ে গ্ৰহণ কৰে এই অভিনৱ পদক্ষেপ । 

লগতে পঢ়ক: মন্দিয়াত বানাক্ৰান্তৰ সুবিধাৰ্থে বহুমুখী বানপানী আশ্ৰয়গৃহ - Multipurpose Flood Shelter Home

চৰ অঞ্চলৰ বন্যাৰ্তক সাহাৰ্য প্ৰদান জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ - Assam Flood 2024

বানত ক্ষতিগ্ৰস্তৰ হাহাকাৰ : ১০ দিনৰ পাচতো আপোন ঘৰখনলৈ ঘূৰি যাব পৰা নাই বানাক্ৰান্ত - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.