পশ্চিমবংগৰ ধৰ্ষণ-হত্যাৰ ঘটনাৰ ন্যায়ৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদ - Students protest in lakhimpur

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 10:28 PM IST

thumbnail
পশ্চিমবংগৰ ধৰ্ষণ-হত্যাৰ ঘটনাৰ ন্যায়ৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদ (ETV Bharat)

লখিমপুৰ, 20 আগষ্ট: কলকাতাৰ আৰ জি কৰ হাস্পতালৰ কৰ্তব্যৰত প্ৰশিক্ষাৰ্থী চিকিৎসকক যৌন উৎপীড়ন চলাই নৃশংসভাৱে হত্যা কৰাৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল হৈ আছে সমগ্ৰ দেশৰ লগতে ৰাজ্য । এই ঘটনাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে দেশ তথা ৰাজ্যৰ চিকিৎসক, দল-সংগঠন তথা সাধাৰণ ৰাইজ । অভয়াকাণ্ডৰ ন্যায় আৰু মহিলাৰ সুৰক্ষাৰ দাবীত ৰাজপথত মঙলবাৰৰ সন্ধিয়া প্ৰতিবাদ সাব্যস্ত কৰিলে লখিমপুৰ জিলাৰ শিক্ষাৰ্থীসকলে ।

লখিমপুৰ বিশ্ববিদ্যালয়, বালিকা মহাবিদ্যালয় আৰু বাণিজ্য মহাবিদ্যালয়ৰ ছাত্র সমাজে নাৰকীয় কাণ্ডটোৰ প্ৰতিবাদ জনাই দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায় । ‘উই ৱান্ট জাষ্টিচ,’ ‘মমতা চৰকাৰ গ’ বেক’ শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ছাত্র সমাজে ।  

ছাত্র সমাজে পশ্চিমবংগ চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰকো কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

লগতে পঢ়ক: মহিলাক সন্মান কৰক : কলকাতাৰ ঘটনাক তীব্ৰ নিন্দা জি পি সিঙৰ - Assam DGP

কলকাতাৰ জঘন্য ঘটনাৰ বিৰুদ্ধে কলগাছিয়াত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী - Kolkata Doctor Rape murder

নাবালিকা ধৰ্ষণকাৰীক 20 বছৰৰ কাৰাদণ্ড আদালতৰ - Imprisonment to rapist

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.