ৰঙিয়াত অসম কৃষি শ্ৰমিক ইউনিয়নৰ ধৰ্মঘট - Agricultural Workers Union

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 9:46 PM IST

thumbnail
ৰঙিয়াত অসম কৃষি শ্ৰমিক ইউনিয়নৰ ধৰ্মঘট (ETV Bharat ASsam)

ৰঙিয়া, ২২ আগষ্ট : বৃহস্পতিবাৰে ৰঙিয়াত অসম কৃষি শ্ৰমিক ইউনিয়নে এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে ৷ সংগঠনটোৰ কামৰূপ জিলা সমিতিৰ আহ্বান মৰ্মে পালন কৰা কাৰ্যসূচীটোত সংগঠনটোৰ সদস্যসকলৰ লগতে ৰঙিয়াৰ সাধাৰণ ৰাইজেও অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰীসকলে মূলতঃ ছটা দাবী উত্থাপন কৰে ।

দাবীকেইটা হৈছে গ্ৰাম্য শ্ৰমিকৰ বাবে কেন্দ্ৰীয় কৃষি শ্ৰমিক কল্যাণ আইন প্ৰৱৰ্তন কৰা, গ্ৰাম্য শ্ৰমিকৰ মজুৰি ৬০০ টকা পৰ্যন্ত ধাৰ্য কৰা, গ্ৰামীণ শ্ৰমিকৰ বাবে ৬০ বছৰ বয়সৰ পিছত ৫০০০ টকা পেন্সনৰ ব্যৱস্থা কৰা, গ্ৰাম্য শ্ৰমিকৰ সন্তানৰ বাবে বৃত্তিৰ ব্যৱস্থা গ্ৰহণ কৰা, গ্ৰাম্য শ্ৰমিকৰ বাবে বীমাৰ ব্যৱস্থা কৰা, এম জি এনৰেগাত ২০০ দিনৰ কাম আৰু দৈনিক মজুৰি ৬০০ টকা নিশ্চিত কৰা  ৷

উক্ত প্ৰতিবাদত অসম কৃষি শ্ৰমিক ইউনিয়নৰ ৰাজ্যিক সভাপতি অজিত দাস, উপ-সভাপতি ড৹ ভূপেন শৰ্মা, সম্পাদক নয়ন ভূঞা, কামৰূপ জিলা সমিতিৰ সভাপতি সুবোধ কলিতা, সম্পাদক সিদ্ধিনাথ দাস প্ৰমুখ্যে নেতৃবৃন্দ তথা স্থানীয় বহু লোক উপস্থিত থাকে ৷

লগতে পঢ়ক : ঘন বৰষুণ, পিচল মাটি আৰু এজাক প্ৰতিবাদী জনতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.