ধৰ্মীয় ৰাজনীতি কৰা হিমন্ত বিশ্ব শৰ্মা-এ আই ইউ ডি এফক ৰাইজে প্ৰত্যাখান কৰিছে: প্ৰদ্যুৎ বৰদলৈ - Lok Sabha Election results 2024

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 10:21 PM IST

thumbnail
নগাঁৱত কংগ্ৰেছ কৰ্মীৰ বিজয় উল্লাস (ETV Bharat Assam)

নগাঁও, 4 জুন: নিৰ্বাচনী ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ পূৰ্বেই নগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰিছে । ফটকা আতচবাজীৰে বিজয় উল্লাস কৰিছে কংগ্ৰেছৰ দলীয় কৰ্মী-সমৰ্থকসকলে । 

লগতে পঢ়ক: জয়ৰ অভিলেখ গঢ়াৰ দিশে ৰকিবুল হুছেইন: আনুষ্ঠানিক ঘোষণাৰ পূৰ্বে সমষ্টিবাসীক ধন্যবাদ - Lok sabha election results 2024

বিজয় নিশ্চিত হোৱাৰ পিচতেই কংগ্ৰেছৰ কাৰ্যালয়ত উষ্ম আদৰণি জনোৱা হয় প্ৰদ্যুৎ বৰদলৈক । কংগ্ৰেছ কাৰ্যালয়ত উপস্থিত হৈয়েই সংবাদ মাধ্যমৰ সন্মুখত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে । দিল্লীত চৰকাৰ গঠনৰ বাবেও কুচকাৱাজ আৰম্ভ কৰা বুলি উল্লেখ কৰি চৰকাৰ গঠনৰ আলোচনাৰ বাবে প্ৰদ্যুৎ বৰদলৈক দিল্লীলৈ মাতি পঠিওৱা বুলিও জনাইছে কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থীগৰাকীয়ে ৷

ইফালে তেওঁ নিজৰ বক্তব্যত বিজেপি আৰু এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল বুলি অভিহিত কৰাৰ লগতে এতিয়াৰ পৰা সাম্প্ৰদায়িক ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ অসমত বিজেপি মিত্ৰজোঁটে 11 খন আসনত জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে তিনিখন আসনত জয়লাভ কৰিছে ৷

লগতে পঢ়ক: আমাৰ কৰ্মীসকলে ভোট দিলেনে নাই সেয়াও চিন্তা কৰিবলগীয়া হৈছে: ফণীভূষণ চৌধুৰী - Lok Sabha Election Results 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.