বঙাইগাঁৱত দুখনকৈ দোকানৰ পৰা উদ্ধাৰ ১৮ টা ফেঁটী সাপৰ পোৱালি - Snake scare in Bongaigaon

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 5:37 PM IST

thumbnail
বঙাইগাঁৱত সাপৰ আতংক (ETB Bharat Assam)

বঙাইগাঁও,১৮ জুলাই: বিষাক্ত সাপৰ বসতিস্থললৈ পৰিণত হৈছে বঙাইগাঁও জিলা । জিলাখনত বিষাক্ত ৰাছেল ভাইপাৰৰ আতংকৰ মাজতে বৃহস্পতিবাৰে মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাগাঁৱৰ দুখন দোকানৰ পৰা উদ্ধাৰ কৰা হয় ১৮ টা বিষাক্ত ফেঁটী সাপৰ পোৱালি । মিনাৰুল ইছলাম নামৰ লোকজনৰ কাপোৰৰ দোকানত সাপৰ অৱস্থিতি জানিব পাৰি প্ৰথমতে মজিয়া খান্দি সাপৰ পোৱালিকেইটা প্ৰত্যক্ষ কৰে ।  

পিচত বঙাইগাঁৱৰ সাপ উদ্ধাৰকাৰী দলক অৱগত কৰাত উদ্ধাৰকাৰী দলৰ কাৰ্তিক ওৰাও আৰু হৰমোহন ৰাভা নোৱাগাঁৱত উপস্থিত হয় । প্ৰথমতে মিনাৰুল ইছলামৰ কাপোৰৰ দোকানত মজিয়াৰ তলৰ পৰা তাৰ পিচত ফুলচান আলীৰ গেলামালৰ দোকানৰ পৰা মুঠ ১৮টা ফেঁটী সাপৰ পোৱালি উদ্ধাৰ কৰে । দুয়োখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ১৮ টাকৈ বিষাক্ত ফেঁটী সাপৰ পোৱালি উদ্ধাৰ হোৱাত অঞ্চলটোত এক আতংকময় পৰিৱেশ বিৰাজ কৰে । 

লগতে পঢ়ক: Monocled Cobra Rescued: কলিয়াবৰত প্ৰকাণ্ড চকৰি ফেঁটী সাপসহ উদ্ধাৰ 16 টা কণী

কলিয়াবৰৰ ভিন্ন স্থানৰ পৰা তিনিডালকৈ বিষাক্ত সাপ উদ্ধাৰ সৰ্পবন্ধু সঞ্জীৱ ডেকাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.