ধেমাজিৰ ৬ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড - LIFE IMPRISONMENT IN DHEMAJI

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 14, 2024, 8:23 AM IST

ধেমাজি : ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতৰ এক ঐতিহাসিক ৰায় । শুকুৰবাৰে আদালতে এটা হত্যাকাণ্ডত জড়িত ৬ জনকৈ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে ৷ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত অপৰাধীকেইজন হ'ল ধেমাজি সদৰ থানাৰ অন্তৰ্গত বিষ্ণুপুৰ গাঁৱৰ বাসিন্দা নিৰেন বৰ্মন, অজিত বৰ্মন, ৰাজীৱ দাস, তপেশ দাস, ধনঞ্জয় কৰ আৰু দেৱ বৰ্মন ৷

উল্লেখ্য যে ২০১২ চনত একেখন গাঁৱৰে বাসিন্দা নন্দী সিঙক দিনদুপৰতে নিজঘৰৰ ভিতৰত বলপূৰ্বক প্ৰৱেশ কৰি অতি নৃশংসভাৱে হত্যা কৰিছিল অপৰাধীকেইজনে ৷ ইয়াৰ পিছত নন্দী সিঙৰ পত্নীয়ে ধেমাজি থানাত দাখিল কৰা গোচৰ ২৪৪/ ২০১২ নম্বৰত পঞ্জীয়ন কৰি ধেমাজি সদৰ থানাই ঘটনাটোৰ তদন্ত কৰিছিল ৷ পিছলৈ ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতত ১০৬ ( ডি এইচ ) ২০১৩ নম্বৰত সুদীৰ্ঘ ১২ বছৰে অব্যাহত থকা গোচৰৰ অন্তত শুকুৰবাৰে ধেমাজি জিলা সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে এক দৃষ্টান্তমূলক ৰায়েৰে কঠোৰ শাস্তি প্ৰদান কৰে ৷

এই গোচৰত চৰকাৰী পক্ষৰ হৈ ওকালতি কৰা অধিবক্তা অজয় ফোগলাই কয়, “এই গোচৰটো মুঠ আঠজন অভিযুক্ত আছিল ৷ তেওঁলোকৰ ওপৰত অভিযোগ আছিল যে নন্দী সিং নামৰ লোকজনক দিনদুপৰতে ঘৰত প্ৰৱেশ কৰি যাঠি-জোং-দা লৈ হানি-খুঁচি  বৰ্বৰভাৱে হত্যা কৰিছিল ৷ পৰৱৰ্তী সময়ত তেখেতৰ পত্নীয়ে ধেমাজি আৰক্ষী থানাত গোচৰ দিছিল ৷ গোচৰৰ তদন্ত সমাপ্ত হোৱাৰ পিছত ধেমাজি আদালতে আজি চূড়ান্ত ৰায়দান দি এই আঠজনৰ ভিতৰত ৬ জনক দোষী সাৱ্যস্ত কৰে । তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আৰু ২০ হাজাৰ টকাকৈ জৰিমনা বিহিছে ৷"

ইপিনে সুদীৰ্ঘ ১২ বছৰৰ অন্তত ন্যায় পাবলৈ সক্ষম হোবাত পৰিয়ালটোৱে সন্তুষ্টি প্ৰকাশ কৰি ন্যায়ালয়ক ধন্যবাদ দিয়ে ৷

লগতে পঢ়ক :গুৱাহাটীৰ মন্দিৰ চৌহদত যুৱতীক দলবদ্ধ ধৰ্ষণ কৰা আঠ অভিযুক্তক আটক - GANG RAPE IN GUWAHATI
লগতে পঢ়ক :হাঁড় কঁপোৱা শীতত মুকলি আকাশৰ তলত উচ্ছেদিতৰ উচুপনি - PANCHARATNA EVICTION

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.