‘কা’ বলৱতৰ সন্দৰ্ভত কি ক’লে কণ্ঠশিল্পী জুবলীয়ে ? - Zublee Baruah on CAA

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 10:01 PM IST

নলবাৰী,১২ মাৰ্চ : ‘‘বিচৰা নাছিলোঁ ৷ কিন্তু হৈ গ’ল ৷ এতিয়া আমাৰ হাতত একো নাই ৷ এতিয়া বিৰোধিতা কৰি কিবা লাভ হ’বনে নহয় সেইটো নাজানো ৷’’ নাগৰিকত্ব সংশোধনী আইন গৃহিত হোৱাৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰে কণ্ঠশিল্পী জুবলী বৰুৱাই ৷

তদুপৰি শিল্পীগৰাকীয়ে কয়, ‘‘শিল্পী হিচাবে সদায় ৰাইজৰ বাবে কিবা এটা কৰিব বিচাৰো ৷ মোক ৰাইজে শিল্পী বনাইছে ৷ ৰাইজৰ প্ৰতি যথেষ্ট দায়িত্ব আছে ৷ সদায় ৰাইজৰ লগত থাকিম ৷’’

উল্লেখ্য যে মঙলবাৰে নলবাৰীত শুভাৰম্ভণি কৰা হয় ৰাজেন্দ্ৰ নাথ তালুকদাৰ মেম'ৰিয়েল ট্ৰাষ্ট ৷ ডাঃ ৰমেন তালুকদাৰে পিতৃৰ স্মৃতি জীয়াই ৰখাৰ স্বাৰ্থত গঢ়ি তোলা মেম'ৰিয়েল ট্ৰাষ্টটো আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে নলবাৰীৰ আয়ুক্ত বৰ্ণালী ডেকাই  ।

টিহুৰ নিজ নমাটিত অনুষ্ঠিত ষ্ট্ৰাষ্ট উদ্বোধনী অনুষ্ঠানটোত কন্ঠশিল্পী জুবলী বৰুৱা, SSB64 BN ৰ কমান্ডেন্ট কে সিঙৰ উপৰিও ভালেসংখ্যক চিকিৎসক আৰু গাঁওবাসী উপস্থিত থাকে ৷

লগতে পঢ়ক: কা আহিলে ভোট নিদিব, ময়ো নিদিও : জুবিন গাৰ্গ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.