প্ৰথমবাৰৰ বাবে আয়োজন কৰা বৰমা বৃহত্তৰ ৰাস মহোৎসৱৰ সফল সামৰণি - RUPAM BHUYAN AT RAAS FESTIVAL
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/26-11-2024/640-480-22980623-thumbnail-16x9-baksaraas.jpg)
![ETV Bharat Entertainment Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/entertainment-1716536424.jpeg)
By ETV Bharat Entertainment Team
Published : Nov 26, 2024, 12:08 PM IST
বাক্সা : যোৱা ১৫ নৱেম্বৰৰ পৰা বাক্সাৰ বৰমাত অনুষ্ঠিত কৰা হৈছিল বৃহত্তৰ ৰাস মহোৎসৱ । আৰম্ভণিৰ দিনৰে পৰাই ৰাইজে যথেষ্ট উৎসাহ-উদ্দীপনাৰে সহযোগ কৰা দেখা যায় এই মহোৎসৱত ৷ ৰাসৰ অনুষ্ঠান সাতদিনীয়া আছিল যদিও ৰাইজৰ মৰম-আদৰ দেখি আৰু তিনিদিন বঢ়াই দহ দিন কৰা হয় । বাক্সা আৰু নলবাৰী জিলাৰ প্ৰায় ২১ খনকৈ গাঁৱৰ ৰাইজৰ সহযোগত বৰমাত এইবাৰ প্ৰথমবাৰৰ বাবে ৰাস মহোৎসৱ উদযাপন কৰা হয় । শেষৰটো দিনাও বৰমা ৰাস মহোৎসৱত দেখিবলৈ পোৱা গ’ল অসংখ্য ভিৰ । শেষৰ দিনাৰ মুখ্য আকৰ্ষণ আছিল সংগীতশিল্পী ৰূপম ভূঞাৰ সংগীতানুষ্ঠান ৷ জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞাই কেবাটাও গীত পৰিৱেশন কৰি মুহিলে উপস্থিত দৰ্শকক ।
অন্তিমটো কাৰ্যসূচীত সভাপতি অমৃত শৰ্মাই সম্পাদক দীপক ৰামছিয়াৰীৰ লগতে ৰাস সমিতিৰ বিষয়ববীয়া আৰু অন্যান্য কৰ্মকৰ্তাসকলৰ উপস্থিতিত বৰমা প্ৰথম বাৰ্ষিক বৃহত্তৰ ৰাস মহোৎসৱৰ পতাকা নমাই সফল সামৰণি মাৰে ৷
লগতে পঢ়ক : কৃষ্ণৰ বাঁহীৰ পঞ্চম সুৰ-কংসৰ অট্টহাস্যত উখল-মাখল লুইতৰ দুয়োপাৰ