এখন দেৱালয়ত জাকজমকতাৰ বিপৰীতে আধ্যাত্মিকতাৰে পূজা-অৰ্চনা - SHILGHAT KAMAKHYA TEMPLE
🎬 Watch Now: Feature Video
Published : Oct 11, 2024, 5:52 PM IST
কলিয়াবৰ, ১১ অক্টোবৰ: আজি মহাষ্টমী আৰু মহানৱমীত ঐতিহাসিক শ্ৰীশ্ৰীকামাখ্যা দেৱালয়ত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে । শুক্ৰবাৰে পুৱাৰে পৰা অসমৰ দ্বিতীয় শক্তিপীঠ হিচাপে পৰিচিত কলিয়াবৰৰ শিলঘাটৰ কামাখ্যা দেৱালয়ত পূজাৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰিত হৈ পৰে । মহাষ্টমী আৰু মহানৱমী উপলক্ষে পৰম্পৰাগত ৰীতি-নীতি অনুসৰি ম’হ, হাঁহ, ছাগলী বলি দিয়া হয় । শিলঘাটৰ ঐতিহাসিক শ্ৰীশ্ৰীকামাখ্যা দেৱালয়ত জাকজমকতাৰ বিপৰীতে সম্পূৰ্ণ আধ্যাত্মিকতাৰে পূজা-অৰ্চনা কৰা হয় ।
উল্লেখ্য যে অষ্টম শতিকাতে শালস্তম্ভ বংশৰ ৰজা বনমালদেৱে শিলঘাটৰ কামকূট শৃঙ্গ (এতিয়াৰ কামাখ্য পাহাৰত) স্থাপন কৰিছিল কামাখ্যা মন্দিৰ । প্ৰাকৃতিক কাৰণত ধ্বংস হোৱা কামাখ্যা পীঠ পিছত আহোম ৰাজত্ব কালত ১৭৪৫ খ্ৰীষ্টাব্দত ৰজা প্ৰমত্ত সিংহই শিলঘাটতে পুনৰ নিৰ্মাণ কৰিছিল । তেতিয়াৰে পৰাই ভক্তসকলে এই মন্দিৰত দেৱীক পূজা কৰি আহিছে ।