অসম চিকিৎসা মহাবিদ্যালয় চৌহদত যুৱতীক যৌন নিৰ্যাতন চাফাই কৰ্মীৰ - Sexual assault case

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 8:43 PM IST

thumbnail
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল (ETV Bharat Assam)

মৰাণ, ২৮ জুলাই: ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত শনিবাৰে সংঘটিত হৈছে এক যৌন নিৰ্যাতনৰ ঘটনা । চিকিৎসা মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত চাফাই কৰ্মী এজনে মানসিক বিকাৰগ্ৰস্ত যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ।  

উত্থাপিত অভিযোগ অনুসৰি এই কাণ্ড সংঘটিত কৰিছে চিকিৎসা মহাবিদ্যালয়ৰ মজিবুৰ ৰহমান নামৰ এজন অস্থায়ী কৰ্মীয়ে । অভিযুক্ত চাফাই কৰ্মীটোৰ ঘৰ হাজোত বুলি উল্লেখ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে । ভুক্তভোগী যুৱতীগৰাকী বহু বছৰৰ পৰা অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত বাস কৰি আহিছে । অৱশ্য়ে এই ঘটনাক লৈ চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু আৰক্ষীয়ে কোনো ধৰণৰ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই ।

ইতিমধ্যে ডিব্ৰুগড় সদৰ থানাত ভাৰতীয় ন্যায় সংহিতাৰ 64(2) (k) 2023 ধাৰাৰ অধীনৰ ২৯২/২৪ নম্বৰত গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত মজিবুৰক । 

লগতে পঢ়ক:নগাঁৱত চাৰি বছৰীয়া শিশুক যৌন নিৰ্যাতন : আৰক্ষীৰ জালত অভিযুক্ত - child sexual abuse in Nagaon

সুৰক্ষা ক’ত ? ঘৰৰ ভিতৰতে নাবালিকাক ধৰ্ষণ; পথাৰত গৰু বিচাৰিবলৈ গৈ ধৰ্ষিতা হ’ল 70 বছৰীয়া বৃদ্ধা - Two secessional rape case

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.