পিতৃ-মাতৃ-ভাতৃয়ে মিলি হত্যা কৰিলে হীৰকক - Dibrugarh murder case

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 10:55 AM IST

thumbnail
পিতৃ-মাতৃ-ভাতৃয়ে মিলি হত্যা কৰিলে হীৰকক (ETV BHARAT CASE)

মৰাণ, 22 জুন : ডিব্ৰুগড় জিলাত চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ মানৱতাৰ চৰম সীমা অতিক্ৰম কৰিলে ডিব্ৰুগড়ত । লাহোৱালৰ বকুল কাঠ গাঁৱত নিশা নিজ পিতৃ-মাতৃ আৰু ভাতৃৰ আক্ৰমণত নিহত হ'ল জ্যেষ্ঠ পুত্ৰ । মৃত যুৱকজনৰ নাম হীৰকজ্যোতি দত্ত (22) বুলি জানিব পৰা গৈছে ।

ব্লু ডাৰ্টৰ এজন কৰ্মচাৰী আছিল মৃত হীৰক । দীৰ্ঘদিনৰ পৰা পুত্ৰ হীৰকে পিতৃ-মাতৃৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ মাজতে শুকুৰবাৰে নিশা শুই থকা অৱস্থাত পৰিকল্পিতভাৱে পৰিয়ালৰ সদস্যসকলে হত্যা কৰে হীৰকক । পৰিয়ালৰ লোকে চোকা অস্ত্ৰৰে হীৰকক মূৰত আঘাত কৰি হত্যা কৰে বুলি জানিব পৰা গৈছে ।

এই ঘটনা সংঘটিত কৰি তিনিও অভিযুক্তই নিশাই লাহোৱাল আৰক্ষী থানাত হাজিৰ হয় । ইতিমধ্যে পিতৃ মনোজ দত্ত, মাতৃ পল্লৱী দত্ত আৰু ভাতৃ সুমন দত্ত নামৰ তিনি হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে লাহোৱাল আৰক্ষীয়ে ।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, প্ৰায়ে পৰিয়ালটোত কাজিয়া হৈছিল । এতিয়া আৰক্ষীৰ তদন্ততহে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব ।

লগতে পঢ়ক: ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ ৰূপ: 52 বছৰীয়া ব্যক্তিক হানি-খুঁচি হত্যা কৰি পেলাই দিলে দলঙৰ তলত - Murder in Udalguri

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.