thumbnail

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 3:04 PM IST

ETV Bharat / Videos

গোলাঘাটত সাঁচি কাঠ চুৰি

গোলাঘাট,১৩ ফেব্ৰুৱাৰী: গোলাঘাটত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা । এইবাৰ চোৰে লক্ষ্য কৰি লৈছে মূল্যবান সাঁচি কাঠ । গোলাঘাটৰ ফৰকাটিং তিৰুৱাল বৰফুকনখাটত সাঁচিৰ ব্যৱসায়ীৰ ঘৰৰ পৰাই দুদিনতে চুৰি কৰিলে আগৰ প্ৰস্তুত কৰা সামগ্ৰী ৷ অঞ্চলটোৰ সাঁচি ব্যৱসায়ী পাপু আলীৰ বাসগৃহৰ পৰা ১১ আৰু ১২ ফ্ৰেব্ৰুৱাৰী তাৰিখে দুটা নিশাত চুৰি কৰি নিলে প্ৰায় সত্তৰ লক্ষাধিক টকাৰ আগৰ প্ৰস্তুত কৰা সামগ্ৰী ৷  

সোমবাৰে নিশা পাপু আলীৰ বাসগৃহৰ দৰ্জা ভাঙি আগৰৰ সামগ্ৰীসমূহ চুৰি কৰা বুলি উল্লেখ কৰে ৷ পাপু আলীৰ বাসগৃহত ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত ফৰকাটিং আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ পৰ্যবেক্ষণ কৰিছে ৷ গোলাঘাট জিলাখনৰ বিভিন্ন অঞ্চলত চোৰে একপ্ৰকাৰে নিদ্ৰাহৰণ কৰিছে সাধাৰণ ৰাইজৰ ৷ আৰক্ষী যিমানেই সষ্টম নহওক কিয় চোৰে নিতৌ ন-ন কায়দাৰে চুৰিকাৰ্য সংঘটিত কৰি হাৰাশাস্তি কৰিছে সাধাৰণ ৰাইজক ৷

লগতে পঢ়ক: Theft In Golaghat: ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ লুটপাত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.