ETV Bharat / bharat

বিত্তমন্ত্ৰী সীতাৰমণৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিলৰ নিৰ্দেশ আদালতৰ - Electoral bonds - ELECTORAL BONDS

Nirmala Sitharaman: নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধনদাবীৰ গুৰুতৰ অভিযোগ কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিৰুদ্ধে । আদালতে এই সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিলৰ নিৰ্দেশ দিছে । অভিযুক্তৰ তালিকাত বিজেপিৰ বহু জ্যেষ্ঠ নেতাও আছে ।

Nirmala Sitharaman
নিৰ্মলা সীমাৰমণৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ (IANS)
author img

By ETV Bharat Assamese Team

Published : Sep 28, 2024, 1:32 PM IST

নেশ্যনেল ডেস্ক,২৮ ছেপ্টেম্বৰ : লোকসভা নিৰ্বাচনৰ আগলৈ নিৰ্বাচনী বণ্ডৰ বিতৰ্কই দেশজুৰি আলোড়নৰ সৃষ্টি কৰিছিল । নিৰ্বাচনৰ পিচতো এই নিৰ্বাচনী বণ্ডক লৈ ৰাজনীতি গৰম হৈ আছে । ইফালে নিৰ্বাচনী বণ্ডৰ বিষয়টো আদালতেও পৃথকে পৰ্যালোচনা কৰি আছে । ইয়াৰ মাজতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে । নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধনদাবীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে আন কেইবাগৰাকীৰ বিৰুদ্ধে । বেংগালুৰুৰ এখন বিশেষ আদালতে এই সন্দৰ্ভত এজাহাৰ দাখিলৰ নিৰ্দেশ দিছে ।

নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধনদাবী

উল্লেখ্য যে জনধিকাৰ সংঘৰ্ষ পৰিষদৰ (জেএছপি) সহ-সভাপতি আদৰ্শ আয়াৰে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ নিৰ্দেশ বিচাৰি বেংগালুৰুৰ বিশেষ জনপ্ৰতিনিধি আদালতত অভিযোগ দাখিল কৰিছিল । তেওঁ অভিযোগ কৰিছিল যে নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন দাবীৰ ভাবুকি দিয়া হৈছিল ।

আৱেদনৰ শুনানি গ্ৰহণ কৰি আদালতে তিলক নগৰ আৰক্ষী থানাক নিৰ্বাচনী বণ্ডৰ জৰিয়তে ধন দাবীৰ অপৰাধৰ বাবে এজাহাৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিয়ে । জনধিকাৰ সংঘৰ্ষ পৰিষদে নিৰ্মলা সীতাৰমণ, ইডি বিষয়া, জে পি নাড্ডা, বিজেপিৰ ৰাষ্ট্ৰীয় নেতা নলিন কুমাৰ কাটিল, কৰ্ণাটক বিজেপিৰ প্ৰাক্তন সভাপতি বি ৱাই বিজয়েন্দ্ৰ আৰু কৰ্ণাটক বিজেপিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে । অভিযোগটো বিবেচনা কৰি আদালতে বেংগালুৰুৰ তিলক নগৰ আৰক্ষীক এজাহাৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছে ।

ইয়াৰ পূৰ্বে নিৰ্বাচনী বণ্ডক লৈ শাসক বিৰোধীৰ মাজত ব্যাপক মতানৈক্য হোৱা দেখা গৈছিল । আদালতৰ নিৰ্দেশত এছবিআইয়ে নিৰ্বাচনী বণ্ডৰ তথ্য প্ৰকাশৰ লগে লগে দেশত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল । নিৰ্বাচনী বণ্ডৰ জৰিয়তে শাসকীয় দলে বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰো অভিযোগ কৰিছিল বিৰোধীয়ে ।

লগতে পঢ়ক :কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু - MUDA scam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.