নিউজ ডেস্ক, 27 ছেপ্টেম্বৰ: Samsung এ বজাৰত মুকলি কৰিছে আন এটা শক্তিশালী স্মাৰ্টফোন । ইয়াৰ নাম দিয়া হৈছে Samsung Galaxy S24 FE । এই ফোনটো এই ছিৰিজৰ আটাইতকৈ সস্তা ফোন আৰু ইয়াত বহুতো আকৰ্ষণীয় বৈশিষ্ট্য আছে । Galaxy AI ৰ বৈশিষ্ট্যই গ্ৰাহকক আকৰ্ষণ কৰিছে । আজিয়েই এই স্মাৰ্টফোনটো গ্ৰাহকসকলে অৰ্ডাৰ কৰিব পাৰিব ।
Samsung Galaxy S24 FE বৈশিষ্ট্যসমূহ
Samsung এক্সিন’ছ 2400 E প্ৰচেছৰ
8GB ৰেম আৰু 256 GB ষ্ট’ৰেজ
6.7 ইঞ্চি FHD+ ডাইনামিক AMOLED 2X ডিছপ্লে
1900 নিটছ উজ্জ্বলতা
120Hz ৰিফ্ৰেছ ৰেট
গৰিলা গ্লাছ
IP68 ৰেটিং আৰু এলুমিনিয়াম ফ্ৰেম
The time has finally come. Presenting the all-new Galaxy S24FE, the powerhouse to your creativity and productivity is out now! Galaxy AI is here. Know more: https://t.co/z1sJlIMdrV.#GalaxyS24FE #GalaxyAI #Samsung pic.twitter.com/x4yuFS9i4O
— Samsung India (@SamsungIndia) September 27, 2024
কেমেৰা
বহুতে ছেমছাং কেমেৰাৰ বাবে এই ব্ৰেণ্ডৰ স্মাৰ্টফোন কিনে । এই স্মাৰ্টফোনটোত ব্যৱহাৰকাৰীয়ে লাভ কৰিব ট্ৰিপল কেমেৰা - 50MP মেইন ৱাইড এংগল কেমেৰা, 12MP আল্ট্ৰা ৱাইড কেমেৰা আৰু 8MP টেলিফটো কেমেৰা । ইয়াৰ উপৰিও চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে 10 MP ফ্ৰন্ট কেমেৰা আছে ।
The new Galaxy S24 FE can make any big day worth it. Now packed with every feature you love from Galaxy AI.
— Samsung India (@SamsungIndia) September 27, 2024
Learn more: https://t.co/xsY82Bv4rE.#GalaxyS24 #GalaxyAI #Samsung pic.twitter.com/foWHAOLuwQ
বেটাৰী আৰু সংযোগ
এই স্মাৰ্টফোনৰ বেটাৰী ক্ষমতা 4700 mAh । আপুনি বেতাঁৰ আৰু তাঁৰযুক্ত চাৰ্জিং দুয়োটা কৰিব পাৰে । ডুৱেল চিমৰ সহায়ত আপুনি এটা ভৌতিক ছিম আৰু আনটো ডিজিটেল ছিম ব্যৱহাৰ কৰিব পাৰে । ইয়াৰ উপৰিও ইয়াত সংযোগৰ বাবে WiFi 6E, Bluetooth v5.3, NFC, NavIC সমৰ্থন লাভ কৰিব । ইয়াৰ ওজন 213 গ্ৰাম আৰু ইয়াৰ ডাইমেনশ্যন 162.0 x 77.3 x 8.0 ।
মূল্য আৰু ৰং
- Samsung Galaxy S24 FE স্মাৰ্টফোনটো 2 টা ভেৰিয়েন্টত উপলব্ধ । এটা 8 GB ৰেম + 128 GB আৰু আনটো 8উ’ ৰেম + 256 GB
- 8 GB ৰেম + 128 GB ৰ বাবে মূল্য 59,999 টকা
- 8GB RAM + 256GB ৰ মূল্য 65,999 টকা
- প্ৰি-অৰ্ডাৰৰ বাবে এই স্মাৰ্টফোনটো উপলব্ধ হোৱাৰ বিপৰীতে ই ক্ৰমে ব্লু, গ্ৰেফাইট আৰু মিণ্ট 3 টা ৰঙৰ বিকল্পত উপলব্ধ হ’ব ।
- 3 অক্টোবৰৰ পৰা ইয়াৰ বিক্ৰী লাইভ হ’ব ।
- Samsung Shop App ৰ পৰা ক্ৰয় কৰিলে গ্ৰাহকে লাভ কৰিব 2000 টকাৰ ভাউচাৰ লাভ কৰিব