ETV Bharat / state

গণৰাজ্য দিৱস : ডিব্ৰুগড়ত প্ৰস্তুতিৰ বুজ ল'লে ডিজিপিয়ে, গুৱাহাটীত মুখ্যমন্ত্ৰীৰ বৈঠক - REPUBLIC DAY IN DIBRUGARH

মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰলৈ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰিব । তাৰে প্ৰস্তুতিৰ বুজ ল'লে ডিজিপি জি পি সিঙে ।

Republic day 2025
ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ বুজ ল'লে ডিজিপিয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 18, 2025, 8:45 AM IST

ডিব্ৰুগড় : স্বাধীনতাৰ পাছত প্ৰথমবাৰলৈ ৰাজধানীৰ বাহিৰত মুখ্যমন্ত্ৰীয়ে গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰিব । এইবাৰ ডিব্ৰুগড়ৰ গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হ'বলগা গণৰাজ্য দিৱসৰ কেন্দ্ৰীয কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক সম্বোধন কৰিব ।

আনহাতে, মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰাৰ বিপৰীতে ৰাজ্যপালে গুৱাহাটীত কৰিব গণৰাজ্য দিৱসৰ পতাকা উন্মোচন । ইতিমধ্যে গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি তুংগত কৰি তুলিছে ডিব্ৰুগড় জিলা প্ৰশাসনে । ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰ কেইবা কোটি টকাৰ বাজেটেৰে অত্যাধুনিক ৰূপত নিৰ্মাণ কৰি থকা হৈছে ।

Republic day 2025
সংশ্লিষ্ট বিভাগৰ সৈতে আলোচনাত ডিজিপি (ETV Bharat Assam)

গৌতম কনষ্ট্ৰাকচনে বিগত কেইবা বছৰৰ পৰা খনিকৰ খেলপথাৰ অত্যাধুনিক ৰূপত নিৰ্মাণৰ কাম কৰি আহিছে । গুৱাহাটীৰ সৰুসজাইৰ আৰ্হিত খনিকৰ খেলপথাৰ আৰু অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে । এই খেলপথাৰতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰলৈ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি পতাকা উন্মোচন কৰিব ।

Republic day 2025
বৈঠকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (ANI)

ইফালে মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰলৈ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ পৰিপ্ৰেক্ষিতত খনিকৰ খেলপথাৰত উপস্থিত হৈ প্ৰস্তুতি বুজ ল'লে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে । আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ যাৱতীয় প্ৰস্তুতি সন্দৰ্ভত দায়িত্বত থকা বিষয়াৰ লগতে ডিব্ৰুগড় জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় । আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিবলগা দলসমূহৰ অনুশীলনৰো পৰ্যবেক্ষণ কৰে ।

Republic day 2025
ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পেৰেডৰ অনুশীলন (ETV Bharat Assam)

সঞ্চালক প্ৰধানগৰাকীৰ পৰিদৰ্শন কালত ডিব্ৰুগড় জিলা প্ৰশাসন আৰু আৰক্ষীৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে লোকনিৰ্মাণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী, পৰিবহণ আদি বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে । গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৰূপায়ণত যাতে কোনো ধৰণৰ বেমেজালি নহয় তাৰবাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ সকলো বিভাগক নিৰ্দেশ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ।

আনহাতে, যোৱা ২৩ ডিচম্বৰ তাৰিখে ডিব্ৰুগড়ত বিকাশৰ ১২ দিন শীৰ্ষক সামৰণী কাৰ্যসূচীত অংশগ্ৰহণ কৰি গণৰাজ্য দিৱসৰ বাবে নিৰ্মীয়মাণ খনিকৰ ষ্টেডিয়াম আৰু খেলপথাৰ পৰিদৰ্শন কৰি কামৰ অগ্ৰগতি বুজ লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

  • ডিব্ৰুগড় হ'ব অসমৰ দ্বিতীয় ৰাজধানী

ডিব্ৰুগড়ত যোৱাটো বৰ্ষত মুখ্যমন্ত্ৰীৰ সচিবালয় মুকলি কৰা দিনটোত অনুষ্ঠিত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে ডিব্ৰুগড়ত প্ৰতিবছৰে অনুষ্ঠিত হ'ব ২৬ জানুৱাৰীত কেন্দ্ৰীয় গণৰাজ্য দিৱস । ইয়াৰ পাছতে ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰ অত্যাধুনিক ৰূপত নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে ।

Republic day 2025
প্ৰস্তুতিৰ বুজ লৈছে ডিজিপি জি পি সিঙে (ETV Bharat Assam)

আনহাতে, কেইটামান দিনৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে মন্তব্য কৰিছিল যে ডিব্ৰুগড় হ'ব অসমৰ দ্বিতীয় ৰাজধানী । ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী কৰিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰখা হৈছে । উজনি অসমৰ ৰাইজে ডিব্ৰুগড়ৰ পৰাই যাতে গুৱাহাটীলৈ নোযোৱাকৈ সকলো কাম কৰিবলৈ সুযোগ-সুবিধা লাভ কৰে তাৰবাবে ডিব্ৰুগড়ক অসমৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ সপোন দেখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

  • গণৰাজ্য দিৱস সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বৈঠক

ইফালে শুকুৰবাৰে গুৱাহাটীৰ লোকসেৱা ভৱনত অনুষ্ঠিত এক সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী আৰু ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰস্তুতিৰ বুজ লয় ।

উল্লেখ্য যে এইবাৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গুৱাহাটীৰ খানাপাৰাত আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া গণতন্ত্ৰ দিৱসৰত কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰাৰ লগতে অভিবাদন গ্ৰহণ কৰিব ।

বৈঠকত মুখ্যমন্ত্ৰীয়ে সাধাৰণ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিষয়াসকলক নতুনকৈ সৃষ্টি কৰা সমজিলাসমূহত গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে সকলো প্ৰকাৰৰ ব্যৱস্থা কৰিবলৈ কয় । অৱশ্যে কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰত কেৱল ডিমৰিয়া সমজিলাতহে গণতন্ত্ৰ দিৱস উদযাপন কৰা হ'ব ।

তেওঁ লগতে সাধাৰণ প্ৰশাসন বিভাগক গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে পুঁজি মুকলি কৰিবলৈ আৰু আৰক্ষী প্ৰশাসনক সমজিলাত উদযাপনৰ অংশ হিচাপে পেৰেড আৰু মাৰ্চপাষ্ট আদিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে ।

বৈঠকত মুখ্যমন্ত্ৰীয়ে গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগক গাঁওবুঢ়া, স্বেচ্ছাসেৱী সংগঠন আদিৰ সহায়ত ৰাজ্যজুৰি গণতন্ত্ৰ দিৱস উদযাপনৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযান আৰম্ভ কৰিবলৈ কয় । উল্লেখ্য যে ২৫ জানুৱাৰীত গণতন্ত্ৰ দিৱস উদযাপনৰ আৰম্ভণি হিচাপে গুৱাহাটী, ডিব্ৰুগড়ৰ লগতে জিলা সদৰসমূহে 'ৰোড পাষ্ট'ৰ আয়োজন কৰিব ।

বৈঠকত বিধায়ক তৰংগ গগৈ, মুখ্য সচিব ড৹ ৰবি কোটা, গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিব এ কে তিৱাৰী, বিশেষ ডি জি পি হামিত সিং, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড৹ কে কে দ্বিবেদী, জি এ ডিৰ আয়ুক্ত আৰু সচিব এম এছ মণিভান্নন, গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰু অন্যান্যসকল উপস্থিত থাকে ।

লগতে পঢ়ক :অসমৰ শিক্ষা খণ্ডৰ উদ্বেগজনক ছবি; এবছৰত অন্তৰ্ধান ছয় লক্ষাধিক শিক্ষার্থী - DROP OUT RATE IN ASSAM
লগতে পঢ়ক :জ্যোতিপ্ৰসাদৰ আপুৰুগীয়া সম্পদ সংৰক্ষণ কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ে - JYOTIPRASAD AGARWALA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.