ETV Bharat / state

ৰাজ্যৰ ঐতিহ্য ক্ষেত্ৰ আৰু ভাষাৰ ক্ষেত্ৰত অৱদান; কেন্দ্ৰীয় মন্ত্ৰী শ্বেখাৱতক প্ৰশংসা মুখ্যমন্ত্ৰীৰ - ASSAM CM COMMENDS SHEKHAWAT

"শ্বেখাৱতজীয়ে অসমৰ বাবে দুটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত বৃহৎ ভূমিকা পালন কৰিছিল... মই অসমৰ জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী আৰু শ্বেখাৱতক ধন্যবাদ জনাইছো ।" মুখ্যমন্ত্ৰীয়ে কয় ।

Assam CM commends Shekhawat
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ANI)
author img

By ANI

Published : Jan 18, 2025, 10:22 AM IST

গুৱাহাটী : অসমীয়া ভাষাক সন্মানীয় ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতক ভূয়সী প্ৰশংসা কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । শুকুৰবাৰে এক অনুষ্ঠানত বক্তব্য প্ৰসংগত মুখ্যমন্ত্ৰীয়ে অসমৰ উন্নয়নত আগবঢ়োৱা অৱদানৰ বাবে শ্বেখাৱত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুয়োকে ধন্যবাদ জ্ঞাপন কৰে ।

"শ্বেখাৱতজীয়ে (গজেন্দ্ৰ সিং শ্বেখাৱত) অসমৰ বাবে দুটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত বৃহৎ ভূমিকা পালন কৰিছিল... তেওঁৰ প্ৰচেষ্টা আৰু প্ৰতিনিধিত্বৰ বাবেই ইউনেস্কোৱে চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰৰ মৰ্যাদা প্ৰদান কৰিছিল । মই অসমৰ জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গজেন্দ্ৰ সিং শ্বেখাৱতক ধন্যবাদ জনাইছো... তেওঁ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । সংস্কৃতি মন্ত্ৰণালয়েও এটা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত বিশেষ ভূমিকা পালন কৰে ।" মুখ্যমন্ত্ৰীয়ে কয় ।

উল্লেখ্য যে যোৱা বছৰ অক্টোবৰ মাহত কেন্দ্ৰীয় কেবিনেটে মাৰাঠী, পালি, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন জনায় । কেবিনেটৰ এই সিদ্ধান্তক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষভাৱে এই ভাষাসমূহ আৰু ইয়াৰ সমৃদ্ধ অৱদানৰ প্ৰশংসা কৰে ।

X-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰিছিল যে অনাগত সময়ত অসমীয়া ভাষাই অধিক জনপ্ৰিয়তা লাভ কৰিব ।

"কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পিছত অসমীয়া ভাষাই এতিয়া ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিবলৈ ওলোৱাত মই অত্যন্ত আনন্দিত । বহু শতাব্দী ধৰি অসমীয়া সংস্কৃতিৰ বিকাশ ঘটিছে আৰু ই আমাক এক সমৃদ্ধ সাহিত্যৰ পৰম্পৰা প্ৰদান কৰিছে । আগন্তুক সময়ত এই ভাষাটো আৰু অধিক জনপ্ৰিয় হৈ পৰিব । মোৰ অভিনন্দন ।" পোষ্টটোত তেওঁ লগতে কয় ।

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে ।

"অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ ঐতিহাসিক সিদ্ধান্তৰ বাবে অসমবাসীৰ হৈ মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী আৰু সমগ্ৰ কেন্দ্ৰীয় কেবিনেটক কৃতজ্ঞতা জ্ঞাপন কৰিছো । এই মৰ্যাদা লাভ কৰা এক নিৰ্বাচিত ভাষাৰ গ্ৰুপত এতিয়া অসমীয়া ভাষাও সন্নিৱিষ্ট হৈছে ।" তেওঁ X পোষ্টত কয় ।

লগতে পঢ়ক :গণৰাজ্য দিৱস : ডিব্ৰুগড়ত প্ৰস্তুতিৰ বুজ ল'লে ডিজিপিয়ে, গুৱাহাটীত মুখ্যমন্ত্ৰীৰ বৈঠক - REPUBLIC DAY IN DIBRUGARH
লগতে পঢ়ক :অসমৰ শিক্ষা খণ্ডৰ উদ্বেগজনক ছবি; এবছৰত অন্তৰ্ধান ছয় লক্ষাধিক শিক্ষার্থী - DROP OUT RATE IN ASSAM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.