গুৱাহাটী : জ্যোতিপ্ৰসাদ আগৰৱালাৰ আপুৰুগীয়া সম্পদ সংৰক্ষণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে এক পদক্ষেপ গ্ৰহণ কৰিছে । জ্যোতিপ্ৰসাদ আগৰৱালাৰ বহুতো চিঠি, যিবোৰ এতিয়াও ৰাজহুৱা নাই সেইবোৰ সংৰক্ষণ কৰি গৱেষণা কৰাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে পদক্ষেপ গ্ৰহণ কৰিছে । এই কথা সদৰী কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তই ।
গুৱাহাটী বিশ্ববিদ্যালয়ত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে এই সন্দৰ্ভত জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰিয়ালৰ লগত আলোচনা কৰা হৈছে । জ্যোতিপ্ৰসাদ আগৰৱালাই অংকন কৰা বিশ্ববিদ্যালয়ৰ মূল তোৰণৰ আৰ্হি চিত্ৰ আৰু কলা ভৱনৰ আৰ্হি চিত্ৰৰ লগতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বহুতো চিঠি পৰিয়ালৰ পৰা সংগ্ৰহ কৰা হৈছে । এইবোৰ ডিজিটেলাইজড কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিব ।
তেওঁ কয়, "ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ অসমৰ গৌৰৱ । জাতীয় কলা-সংস্কৃতিৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিও তেওঁ অৱদান অপৰিসীম । বিশ্ববিদ্যালয়ৰ স্থাপত্যৰ ৰূপ-নিদৰ্শনৰ সৈতে তেওঁ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল । সেয়েহে ৰূপকোঁৱৰৰ আপুৰুগীয়া সম্পদসমূহৰ মূল (original) তথ্য-পাতিসমূহ (বিশ্ববিদ্যালয়ৰ স্থাপত্যৰ ৰূপ-নিদৰ্শনৰ সমল তথা অসমীয়া ছবি নিৰ্মাণৰ ইতিহাস তথা তেওঁৰ সৃষ্টিৰাজি আদি কৰি) স-সন্মানেৰে বিশ্ববিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰত গুৱাহাটী বিশ্ববিদ্যালয়ে সংৰক্ষণ কৰাৰ পদক্ষেপ হাতত লৈছে ।"
তেওঁ লগতে কয়, "বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰ সহযোগত এই সম্পদসমূহ ডিজিটেলভাৱে সংৰক্ষণ কৰি ৰূপকোঁৱৰৰ যুগমীয়া কীৰ্তিক অধ্যয়ন আৰু গৱেষণাৰ বাবে দেশ-বিদেশলৈকে উপলব্ধ কৰাবলৈ বিশ্ববিদ্যালয়ৰ প্ৰশাসনে ইচ্ছা প্ৰকাশ কৰিছে ।’’
‘‘বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ ভাৰতী ভড়ালীৰ তত্ত্বাৱধানত সংগীতা বৰাই কৰা গৱেষণাৰ সময়ত লাভ কৰা এই মূল সম্পদসমূহৰ সংৰক্ষণত ৰূপকোঁৱৰৰ পৰিয়ালৰ সত্যশ্ৰী দাস প্ৰমুখ্যে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পাঁচোগৰাকী কন্যাই এই ক্ষেত্ৰত বিশ্ববিদ্যালয়ক সহায় কৰিব বুলি জনাইছে ।" তেওঁ কয় ৷
উল্লেখ্য যে, বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী ড৹ চন্দন কুমাৰ গোস্বামীৰ দায়িত্বত, সহকাৰী অধ্যাপিকা ড৹ ভাৰতী ভড়ালীৰ তত্ত্বাৱধানত আৰু সংগীতা বৰাৰ সহযোগত ইয়াৰ বাবে যাৱতীয় সমন্বয় ৰক্ষা কৰা হ'ব ।