ETV Bharat / state

সপৰিয়ালে মহাকুম্ভৰ ত্ৰিবেণী সংগমত স্নান কৰিলে হিমন্ত বিশ্ব শৰ্মাই - MAHAKUMBH 2025

প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগমত সপৰিয়ালে পূণ্যস্নান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৰকিবুল হুছেইনক আক্ৰমণ প্ৰসংগত বিধানসভা উত্তপ্ত হৈ থকাৰ সময়তে স্নান কৰে শৰ্মাই ।

Maha Kumbh-2025 CM Himanta Biswa Sarma took holy dip in sangam with his family
সপৰিয়ালে মহাকুম্ভৰ ত্ৰিবেণী সংগমত স্নান কৰিলে হিমন্ত বিশ্ব শৰ্মাই (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 21, 2025, 6:40 PM IST

গুৱাহাটী: উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত স্নান কৰিছে কোটি কোটি ভক্তই । পিছপৰি নাথাকিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

'হৰ হৰ মহাদেৱ' বুলি গংগা, যমুনা, সৰস্বতীৰ ত্ৰিবেণী সংগমৰ পানীত ডুব মাৰি পূণ্যস্নান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত সপৰিয়ালে স্নান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে শুকুৰবাৰে ত্ৰিবেণী সংগমত স্নান কৰা দেখা গ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । মুখ্যমন্ত্ৰীৰ লগতে মহাকুম্ভত স্নান কৰা দেখা গ’ল তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু পুত্ৰ নন্দিল বিশ্ব শৰ্মা আৰু কন্যা সুকন্যা শৰ্মাক ।

সামাজিক মাধ্যম ফেচবুকত মহাকুম্ভ মেলাত সপৰিয়ালে স্নান কৰাৰ অভিজ্ঞতা প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে ক’লে,“মহাকুম্ভৰ জীৱন সমৃদ্ধ সময় ! প্ৰয়াগৰাজত পৰিয়ালসহ ত্রিবেণী সংগমত আজি স্নান কৰাৰ অপাৰ সৌভাগ্য লাভ কৰিলোঁ । যেতিয়ালৈকে চন্দ্ৰ-সূৰ্য থাকিব তেতিয়ালৈকে সনাতন ধৰ্ম থাকিব ।”

আনহাতে, সামাজিক মাধ্যম X ত তেওঁ নিজৰ উচাহ এইদৰে প্ৰদৰ্শন কৰিলে,''আজি ত্ৰিবেণী সংগমত স্নানৰ অভিজ্ঞতাক শব্দৰে বর্ণনা কৰিবলৈ অপাৰগ । ত্রিবেণী সংগম কেৱল নদীৰ সংগম নহয়-ই হৈছে কোটি কোটি সনাতনীৰ বিশ্বাস, আধ্যাত্মিকতা আৰু ঐতিহ্যৰ এক সমন্বয় । এনে এটি দিব্যস্থানত ৰাজ্যবাসীৰ সুখ-সমৃদ্ধি আৰু শান্তিৰ কামনাৰে প্রার্থনা আগবঢ়াবলৈ পাই ধন্য হৈছোঁ ।”

উল্লেখযোগ্য যে, ২৬ ফেব্ৰুৱাৰীত সামৰণি পৰিব মহাকুম্ভ মেলাৰ । উত্তৰ প্ৰদেশ চৰকাৰে সদৰী কৰা তথ্য অনুসৰি মহাকুম্ভ মেলাত বৰ্তমানলৈকে ৪৫ কোটি ভক্তই স্নান কৰাৰ কথা আছিল । কিন্তু বৰ্তমানলৈকে প্ৰায় ৫০ কোটিৰো অধিক ভক্তই স্নান কৰিছে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত । যোৱা জানুৱাৰী মাহৰ ১১ তাৰিখে আৰম্ভ হোৱা পৃথিৱীৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলাখন মুঠ ৪৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছিল ৷

উল্লেখ্য যে, পুৱাবেলা যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ত্ৰিবেণী সংগমত সপৰিয়ালে পূণ্যস্নান কৰিছিল, সেই পুৱাবেলাই শুকুৰবাৰে অসম বিধানসভাৰ মজিয়াত চলি আছিল সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ প্ৰসংগত উত্তপ্ত পৰিৱেশ ।

লগতে পঢ়ক: মহাকুম্ভত ৩ লাখ কোটিৰ ব্যৱসায়ৰ অনুমান - MAHA KUMBH ECONOMY

মাঘী পূৰ্ণিমা ২০২৫ : মহাকুম্ভ মেলাৰ ত্ৰিবেণী সংগমত ভগৱানক ভক্তই অৰ্ঘ্য আগবঢ়োৱাৰ অপূৰ্ব দৃশ্য - BEST OF MAHA KUMBH MELA 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.