thumbnail

By ETV Bharat Assamese Team

Published : 6 hours ago

ETV Bharat / Videos

বাৰাণ্ডাত জিৰণি লোৱা বনৰজাক ৰডেৰে হানিখুচি হত্যা - Tiger killed in Mariani

যোৰহাট,২৬ ছেপ্টেম্বৰ: যোৰহাট জিলাৰ মৰিয়নীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । এজন লোকৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে বনৰজাই । যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নী মুৰমুৰীয়া চাহ বাগিচাৰ ৮নং ৱাৰ্ডৰ বাঘধৰা বস্তিৰ চাটু নায়কৰ ঘৰৰ বাৰাণ্ডাত বনাঞ্চলৰ পৰা ওলাই অহা এটি নাহৰফুটুকী বাঘে আশ্ৰয় লয় । পুৱাই শুই উঠি বাৰাণ্ডাত আশ্ৰয় লোৱা বাঘটো দেখি তেওঁ খঙত অগ্নিশৰ্মা হৈ পৰে । ফলত হিতাহিত জ্ঞান হেৰুৱাই বাৰণ্ডাত থকা ৪ বছৰীয়া নাহৰফুটুকী বাঘটোক অতি বৰ্বৰভাৱে চাটু নায়কে এডাল ৰডেৰে হানিখুচি হত্যা কৰে ।

ঘটনা সন্দৰ্ভত অভিযুক্ত চাটু নায়কে তেওঁৰ ঘৰৰ সদস্যক আক্ৰমণ কৰাৰ শংকাত আৰু আত্মৰক্ষাৰ বাবে বাঘটোক হত্যা কৰে বুলি উল্লেখ কৰে । ইফালে মৰিয়নীৰ বন বিষয়াগৰাকীয়ে ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ মৃত বাঘটোক মৰোণত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰাৰ লগতে হত্যাকাৰী চাটু নায়কক সোধাপোছাৰ বাবে আটক কৰে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: কলিয়াবৰৰ অটব্য অৰণ্যত সন্ধানহীন বৃদ্ধ, পোৱা গৈছে ব্যৱহৃত সামগ্ৰী - Tiger Terror in Kaliabor

গুৱাহাটীৰ পৰা গৈ দিল্লীৰ চিৰিয়াখানাত শোভাবৰ্ধন গঁড়-বাঘৰ - Guwahati Zoo

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.