প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণ: তদন্ত আৰু ক্ষতিপূৰণৰ দাবীত বৰপেটাত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট - PROTEST IN BARPETA

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Dec 20, 2024, 3:39 PM IST

বৰপেটা : বুধবাৰে কংগ্ৰেছৰ ৰাজভৱন চলো কাৰ্যসূচীত অংশলৈ অস্বাভাৱিক মৃত্যুক আকোঁৱালি ল’লে মৃদুল ইছলামে ৷ যাৰ বিৰুদ্ধে বৰপেটা জিলা কংগ্ৰেছে শুকুৰবাৰে এক প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । বৰপেটাৰ বিধায়ক ৰহিম আহমেদ আৰু জিলা কংগ্ৰেছৰ নেতৃত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়িত কৰা হয় ।

আদানী গোটৰ সন্দেহজনক কাৰ্যকলাপ, মণিপুৰৰ হিংসা আৰু স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত গুৱাহাটী ৰাজভৱনৰ সন্মুখত শান্তিপূৰ্ণ প্ৰতিবাদী সমাৱেশত অসম আৰক্ষীয়ে বাধা দিয়া কাৰ্যৰ উচিত তদন্ত আৰু ক্ষতিপূৰণ দাবী কৰে প্ৰতিবাদকাৰীসকলে ।

বিশেষকৈ এই আক্ৰমণত মৃদুল ইছলাম নামৰ এজন বিশিষ্ট আইনজীৱীৰ মৃত্যুৰ ঘটনাৰ পূৰ্ণাংগ আৰু স্বতন্ত্ৰ তদন্তৰ লগতে দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰো দাবী জনায় । লগতে অধিবক্তা মৃদুল ইছলামৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ বাবে ৰাজ্যপালৰ হস্তক্ষেপৰ দাবী কৰে বৰপেটাৰ বিধায়ক ৰহিম আহমেদে ।

লগতে পঢ়ক : মৃদুল ইছলাম মৃত্যুৰ ঘটনাৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ

লগতে পঢ়ক : ৰাজ্যপাল নথকা সময়ত কংগ্ৰেছ ৰাজভৱনলৈ গৈছিল কিয় ? বুজি পোৱা নাই মুখ্যমন্ত্ৰীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.