ETV Bharat / state

পিতৃৰ অৱহেলাৰ বাবে সতীয়া ভাতৃয়ে সংঘটিত কৰিলে হত্যাকাণ্ড ! - TANGLA BRUTAL MURDER

টংলাৰ নৃশংস হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীৰ সংবাদমেল । পিতৃৰ অৱহেলাৰ বাবেই সতীয়া ভাতৃয়ে দুই ছাত্ৰক হত্যা কৰা বুলি উল্লেখ কৰে আৰক্ষীয়ে ।

Police press conference on Tangla brutal murder
পিতৃৰ অৱহেলাৰ বাবে সতীয়া ভাতৃয়ে সংঘটিত কৰিলে হত্যাকাণ্ড ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 5 hours ago

নিউজ ডেস্ক : ওদালগুৰি জিলাৰ টংলাত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য । দুটিকৈ শিশুৰ মৃতদেহ উদ্ধাৰৰ পিছতেই আটক কৰা হয় তেওঁলোকৰ সতীয়া ভাতৃক । আৰক্ষীয়ে সম্প্ৰতি অপৰাধৰ লগত জড়িত অস্ত্ৰ জব্দ কৰি প্ৰমাণ সংগ্ৰহ কৰি আছে । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙেও টুইট কৰি এই কথা সদৰী কৰে ।

ইয়াৰ পিছতে বিটিআৰৰ আইজিপি বিবেকৰাজ সিং আৰু ওদালগুৰি আৰক্ষী অধীক্ষক পুস্কিন জৈনে সংবাদমেল সম্বোধন কৰি সদৰী কৰে ঘটনাৰ কিছু তথ্য ।

আইজিপি বিবেকৰাজ সিঙে ঘটনা সন্দৰ্ভত কয়, "পিতৃৰ পৰা অৱহেলাৰ বাবে হত্যাৰ বলি হোৱা দুই কিশোৰৰ সতীয়া ভাতৃ নীৰজ শৰ্মাৰ মনত সৃষ্টি কৰিছিল তীব্ৰ ঘৃণাৰ । ১৮ বছৰৰ উৰ্দ্ধৰ নীৰজে শিক্ষাগ্ৰহণ কৰি আছিল পঞ্জাবত । মাতৃয়ে পঞ্জাৱত কাম কৰাৰ বাবে মাতৃৰ সৈতেই আছিল নীৰজ । দুবছৰ পূৰ্বে টংলালৈ অহা নীৰজে বৰ্তমান টংলা কলেজত ৰাজনীতি বিজ্ঞানৰ স্নাতক প্ৰথম বৰ্ষত অধ্যয়ণৰত ।"

পিতৃৰ অৱহেলাৰ বাবে সতীয়া ভাতৃয়ে সংঘটিত কৰিলে হত্যাকাণ্ড ! (ETV Bharat Assam)

আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়, "দুবাৰকৈ বিবাহ পাশত আবদ্ধ হৈছিল অভিযুক্ত নীৰজ শৰ্মাৰ পিতৃ মহেন্দ্ৰ শৰ্মা । মহেন্দ্ৰ শৰ্মা পেচাত এজন গাড়ীচালক । নীৰজ তেওঁৰ প্ৰথমা পত্নীৰ সন্তান আছিল । দ্বিতীয়া পত্নী গৌৰৱ আৰু কিশোৰৰ সৈতে বাস কৰিছিল । নীৰজৰ মাতৃৰ সৈতে আছে এগৰাকী ভগ্নীও ।"

উল্লেখ্য যে, শনিবাৰে পুৱা টংলাত নৈৰ পাৰৰ হাবিৰ মাজত উদ্ধাৰ হয় দুই ছাত্ৰৰ মৃতদেহ । মৃতদেহ দুটা একেটা পৰিয়ালৰে ক্ৰমে পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দুই ভাতৃ আছিল । ইয়াৰ পাছতেই এই নৃশংস হত্যাকাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।

শুকুৰবাৰৰ পুৱাৰ পৰা নিৰুদ্দেশ হৈ আছিল ককাই-ভাই । আন দিনাৰ দৰেই পুৱা ঘৰৰ পৰা বিদ্যালয়লৈ ওলাই গৈছিল গৌৰৱ আৰু কৌশিক নামৰ দুই ভাই ৷ তাৰ পিছৰে পৰা দুয়ো নিৰুদ্দেশ হৈ আছিল ।

লগতে পঢ়ক: টংলাকাণ্ডৰ ৰহস্য ফাদিল; সতীয়া ভাতৃয়ে হত্যা কৰিলে ২ কিশোৰক ! - TANGLA BRUTAL MURDER

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.