ETV Bharat / technology

গুগল ইণ্ডিয়াৰ ভাইচ প্ৰেচিডেণ্ট পদত নিযুক্তি লাভ কৰা কোন এই প্ৰীতি লোবানা; জানো আহক - NEW VICE PRESIDENT OF GOOGLE INDIA

নেতৃত্বৰ পৰিৱৰ্তন ঘটিল গুগল ইণ্ডিয়াত । কোম্পানীটোৱে প্ৰীতি লোবানাক গুগল ইণ্ডিয়াৰ মেনেজাৰ আৰু ভাইচ প্ৰেচিডেণ্ট হিচাপে নিযুক্তি দিছে । প্ৰীতি লোবানা কোন জানো আহক...

who-is-preeti-lobana-google-indias-new-vice-president-and-country-manager
গুগল ইণ্ডিয়াৰ ভাইচ প্ৰেচিডেণ্ট প্ৰীতি লোবানা (Linked In)
author img

By ETV Bharat Tech Team

Published : 4 hours ago

হায়দৰাবাদ: টেক জায়ান্ট গুগলে ভাৰতত নেতৃত্বৰ ক্ষেত্ৰত এক বৃহৎ পৰিৱৰ্তন আনিছে । কোম্পানীটোৱে প্ৰীতি লোবানাক গুগল ইণ্ডিয়াৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিছে । এছিয়া পেচিফিক অঞ্চলৰ বাবে গুগলৰ ভাইচ প্ৰেচিডেণ্ট পদত পদোন্নতি লাভ কৰা সঞ্জয় গুপ্তাৰ পৰা দায়িত্ব গ্ৰহণ কৰিব প্ৰীতিয়ে । গুগল ইণ্ডিয়াৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে নিযুক্তি লাভ কৰা লোবানাক কোম্পানীটোৰ বিশ্বব্যাপী নেতৃত্বৰ এগৰাকী বিশিষ্ট ব্যক্তি হিচাপে চিহ্নিত কৰা হৈছে ।

প্ৰীতি লোবানা কোন?

গুগল ইণ্ডিয়াৰ নতুন ভাইচ প্ৰেচিডেণ্ট প্ৰীতি লোবানাই প্ৰযুক্তি আৰু বিত্তীয় উদ্যোগৰ ক্ষেত্ৰত 30 বছৰৰো অধিক সময়ৰ অভিজ্ঞতাপুষ্ট । যোৱা 8 বছৰ ধৰি গুগলৰ এগৰাকী প্ৰধান সদস্য হিচাপে নিজৰ নেতৃত্ব আৰু স্বচ্ছতা প্ৰদৰ্শন কৰি আহিছে । ইয়াৰ উপৰিও গুগল ইণ্ডিয়া অপাৰেচনৰ নেতৃত্ব দিব, যিয়ে কোম্পানীটোৰ বৃদ্ধি আৰু বজাৰত উদ্ভাৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

প্ৰীতি লোবানাৰ শিক্ষাগত অৰ্হতা

শৈক্ষিক অৰ্হতাৰ কথা ক’বলৈ গ’লে লোবানা ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (আই আই এম) আহমেদাবাদৰ প্ৰাক্তন ছাত্ৰী । এই প্ৰতিষ্ঠানটো ভাৰতৰ অন্যতম প্ৰখ্যাত আৰু প্ৰিমিয়াৰ বিজনেছ স্কুল । প্ৰীতিৰ শৈক্ষিক অৰ্হতাই বৃহৎ সংস্থাসমূহত পৰিৱৰ্তন আৰু কাৰ্যকৰী উৎকৰ্ষতাক আগুৱাই নিয়াৰ ক্ষমতাক উজ্জ্বল কৰি তুলিছে ।

কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ প্ৰতি বিশেষ গুৰুত্ব

গুগল ইণ্ডিয়াৰ নতুন মুৰব্বীগৰাকীয়ে মূলতঃ কোম্পানীটোৰ এআই সমগ্ৰ দেশতে কেনেকৈ সম্প্ৰসাৰণ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । তেওঁ গুগলৰ অন্যান্য নতুন কৌশলৰ তদাৰক কৰিব, যিয়ে কোম্পানীটোক ভাৰতীয় বজাৰত বৃদ্ধি আৰু প্ৰভাৱ বিস্তাৰ কৰাত সহায় কৰিব । OpenAI ৰ সৈতে মোকাবিলা কৰাটো তেওঁৰ বাবে এক প্ৰত্যাহ্বান হ’ব পাৰে, কিয়নো ই বহু নতুন বৈশিষ্ট্যৰ সৈতে গুগলৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে ।

প্ৰীতি লোবানাৰ বাবে ঐতিহাসিক নিযুক্তি

প্ৰীতি লোবানাক গুগল ইণ্ডিয়াৰ উপ-সভানেত্ৰী হিচাপে নিযুক্তি দিয়াটো ঐতিহাসিক সিদ্বান্ত ৷ কাৰণ প্ৰীতি লোহানা বৃহৎ প্ৰযুক্তি খণ্ডত শীৰ্ষ পৰ্যায়ত নিযুক্তি লাভ কৰা দ্বিতীয়গৰাকী মহিলা হিচাপে পৰিগণিত হৈছে ৷ ইয়াৰ পূৰ্বে মেটাই দিছিল নিযুক্তি ।

লগতে পঢ়ক: গুগলৰ ক্ৰ’ম ব্ৰাউজাৰৰ বিনিয়োগৰ বাবে অনুৰোধ জনাব আমেৰিকাই

ছাত্ৰক মৰি যাবলৈ ক’লে AI chatbot এ ! প্ৰতিক্ৰিয়া প্ৰকাশ গুগলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.