ETV Bharat / state

তৃতীয় পৰ্যায়ৰ বাল্য বিবাহ বিৰোধী অভিযান : গ্ৰেপ্তাৰ ৪১৬জন, গোচৰ ৰুজু ৩৩৫টা - CHILD MARRIAGE

বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ অসম আৰক্ষীৰ অভিযান ৷ এই অভিযানত ভিন্ন প্ৰান্তৰ পৰা মুঠ ৪১৬ জনক গ্ৰেপ্তাৰ আৰু ৩৩৫ টা গোচৰ ৰুজু ।

Assam Police arrests 416 people in massive crackdown against child marriage says CM Himanta Biswa Sarma
বাল্য বিবাহ বিৰোধী অভিযান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 5 hours ago

Updated : 5 hours ago

ধুবুৰী/ গুৱাহাটী : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে সদৰী কৰা অনুসৰি ৰাজ্যজুৰি পুনৰ আৰম্ভ হ'ল বাল্য বিবাহ বিৰোধী অভিযান । এইবাৰ ৰাজ্যজুৰি তৃতীয় পৰ্যায়ৰ বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ হৈছে । শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে যোৱা নিশা বাল্য বিবাহ বিৰোধী অভিযান চলায় ।

এই অভিযানত বাল্য বিবাহৰ সংক্ৰান্তত মুঠ ৪১৬ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । বৰ্তমানলৈকে বাল্য বিবাহ সম্পৰ্কীয় ৩৩৫ টা গোচৰ ৰুজু কৰিছে অসম আৰক্ষীয়ে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে । আজি পৃথকে-পৃথকে আদালতত হাজিৰ কৰা হ’ব অভিযুক্তসকলক ।

বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ অসম আৰক্ষীৰ অভিযান (ETV Bharat Assam)

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে কয়, "২১-২২ ডিচেম্বৰৰ নিশা আৰম্ভ কৰা তৃতীয় পৰ্যায়ৰ বাল্য বিবাহ বিৰোধী অভিযানত । এই অভিযানত ৪১৬ জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৩৩৫ টা গোচৰ ৰুজু কৰা হৈছে । গ্ৰেপ্তাৰ কৰা ব্যক্তিসকলক আজি আদালতত হাজিৰ কৰোৱা হ'ব । আমি এই সামাজিক অশুভ শক্তিৰ সমাপ্তিৰ বাবে সাহসী পদক্ষেপ লোৱাটো অব্যাহত ৰাখিম ।"

লক্ষণীয় বিষয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাল্য বিবাহৰ বিৰুদ্ধে আৰম্ভ কৰা যুঁজখন অব্যাহত ৰাখিছে । বাল্য বিবাহ বিবাহ অভিযানত ধুবুৰীৰ বিভিন্ন ঠাইত আৰক্ষীয়ে অভিযান চলাই বাল্য বিবাহৰ লগত জড়িত বহু কেইজনকো গ্ৰেপ্তাৰ কৰিছে ।

Assam Police arrests 416 people in massive crackdown against child marriage says CM Himanta Biswa Sarma
ধুবুৰী আৰক্ষী (ETV Bharat Assam)

ধুবুৰী সদৰ থানা এলেকাত ১৭ জন, গোলকগঞ্জত ১০ জন, গৌৰীপুৰত ১৩ জন, বিলাসীপাৰত ১৬ জন, আগমণিত ৪ জন আৰু তামাৰহাটত ৩ জন গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । সেইদৰে হোজাই জিলাতো অসম আৰক্ষীয়ে চলাইছে বাল্য বিবাহ বিৰোধী অভিযান । হোজাই জিলাৰ পৰা মুঠ ১৫ জন গ্ৰেপ্তাৰ কৰিছে । গোৱালপাৰাত অসম আৰক্ষীয়ে অভিযান চলাই ২০ জনতকৈ অধিক অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ৰাজ্যত পূৰ্বে দুবাৰকৈ চলিছিল বাল্য বিবাহ বিৰোধী অভিযান । পূৰ্বে বাল্য বিবাহৰ অভিযোগত সহস্ৰাধিকক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু সংখ্যক গোচৰ ৰুজু কৰিছিল ।

লগতে পঢ়ক : বাল্য বিবাহ ৰোধ হ’বই লাগিব : নাবালিকা পত্নীৰে শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলিয়েই গণ্য কৰা হ’ব - Assam CM on Child marriage

লগতে পঢ়ক : আকৌ চলিব বাল্যবিবাহ বিৰোধী অভিযান; বাল্যবিবাহ কৰা সংখ্যালঘু যদি 80 শতাংশ, সংখ্যাগুৰু 20 শতাংশ: মুখ্যমন্ত্ৰী - Action against child marriage

Last Updated : 5 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.