কাম কৰি থাকোঁতেই যুৱকৰ কাষ পালেহি বনৰজা...তাৰ পিচত ঘটিল আচৰিত কাণ্ড - Royal Bengal Tiger Terror

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 9:48 AM IST

thumbnail
ঢেকীয়াপতীয়া বাঘৰ বিচৰণ (ETV Bharat Assam)

কলিয়াবৰ, ১৭ জুলাই : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা তিনিটা ঢেকীয়াপতীয়া বাঘে বিগত কেইবাদিনো ধৰি শিলঘাট কামাখ্যা সংৰক্ষিত পাহাৰ বনাঞ্চল আৰু কলিয়াবৰ চাহ বাগিচাত বিচৰণ কৰি আছে । বন বিভাগৰ লগতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে বাঘকেইটা । শেহতীয়াভাৱে কামাখ্যা গাঁৱৰ এজন যুৱক বাঘৰ আক্ৰমণৰ পৰা কোনোমতে ৰক্ষা পৰে ।  

গাঁওখনৰ সমীপৰ তিনিজন যুৱকে খোজকাঢ়ি গৈ থাকোতেই তেওঁলোকৰ পিছফালেই উপস্থিত হয় বনৰজা । বাঘৰ মুখৰ পৰা প্ৰাণটো বচাবলৈ যুৱককেইজনে চিঞৰ-বাখৰ কৰি দৌৰিবলৈ আৰম্ভ কৰে । দুজনে দৌৰি যাবলৈ সক্ষম হয় যদিও এজন যুৱকৰ ওচৰত বাঘটো উপস্থিত হোৱাত উৱাদি নোপোৱা অৱস্থা হয় । অৱশ্য়ে বাঘটোৱে যুৱকজনক আক্ৰমণ নকৰি অন্য দিশত গতি কৰাতহে ৰক্ষা পৰে যুৱকজনৰ । 

আনহাতে, বন বিভাগে সংস্থাপন কৰা চেঞ্চৰ কেমেৰাত এই পৰ্যন্ত বাঘৰ গতি-বিধি ধৰা পৰা নাই । অৱশ্যে বন বিভাগৰ এটা তহলদাৰী গোটেও বাঘ প্ৰত্যক্ষ কৰা বুলি কয় । 

লগতে পঢ়ক:কলিয়াবৰত ঢেকীয়াপতীয়াৰ মুক্ত বিচৰণ; কেমেৰাত অৱদ্ধ বাঘৰ গতিবিধি - Royal Bengal Tiger Roaming Freely

দহদিনে বাঘৰ আতংকত দিন কটাইছে জুৰীয়া-ধিঙৰ ৰাইজে; বাঘটোক খেদিব পৰা নাই বন বিভাগে - Tiger scare in Nagaon

নগাঁৱত বনৰজাৰ আতংক : বাঘ খেদাত দুসপ্তাহেও ব্যৰ্থ কিয় বন বিভাগ ? - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.