গোলাঘাটত জলপ্ৰলয়ৰ সম্ভাৱনা: এৰি দিয়া হৈছে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী - Doyang Hydro Electric Project

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 9:42 AM IST

thumbnail
দৈয়াং জলবিদ্যুৎ প্ৰকল্প (ETV Bharat Assam)

সৰুপথাৰ, 7 আগষ্ট: পুনৰ গোলাঘাট জিলাত হ'ব পাৰে জলপ্ৰলয় ! বিগত কেইবাদিনত চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানী খুলি দিয়া হৈছে । এইক্ষেত্ৰত গোলাঘাট জিলা প্ৰশাসনে দৈয়াং আৰু ধনশিৰি নদীৰ দাঁতি কাষৰীয়া লোকসকলক সৰ্তক হোৱাৰ আহ্বান জনাইছে ।  

নীপকো কৰ্তৃপক্ষই গোলাঘাট জিলা প্ৰশাসনক সদৰী কৰা মতে, দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ ৰিজাৰ্ভাৰৰ পানীৰ স্তৰ 322 মিটাৰ পোৱা গৈছে। সেইবাবে বুধবাৰে পুৱা ৰিজাৰ্ভাৰৰ 1 নং গেট .25 ছেণ্টিমিটাৰ মুকলি কৰাৰ পাছতো পানীৰ স্তৰ 322.40 মিটাৰলৈ বৃদ্ধি পোৱাত পুনৰ গেট খোলাৰ উচ্চতা .50 মিটাৰলৈ বৃদ্ধি কৰা হৈছে । দুই নম্বৰ গেটত .75 মিটাৰ পানী এৰি দিয়া হৈছে । ৰিজাৰ্ভাৰৰ পৰা নিৰ্গমন হোৱা পানীৰ মুঠ পৰিমাণ হৈছে 67.66 কিউমেক ।

গতিকে এইক্ষেত্ৰত গোলাঘাট জিলাৰ অন্তৰ্গত সংশ্লিষ্ট সকলো বিভাগক সষ্টম হ’বলৈ নিৰ্দেশ জাৰি কৰা হৈছে । লগতে দৈয়াং আৰু ধনশিৰি নদীৰ কাষৰীয়া লোকসকলক নদীত মাছ ধৰা, সাঁতোৰা, গা ধোৱা আদি কাৰ্যৰ পৰা বিৰত থাকিবৰ বাবে গোলাঘাট জিলা প্ৰশাসনৰ তৰফৰ পৰা সৰ্তক কৰি দিয়া হৈছে ।  

লগতে পঢ়ক:নীপকোৱেও এৰিলে প্ৰকল্পৰ পানী : ৰেমলৰ মাজতে লখিমপুৰত আন এক বিভীষিকা - NEEPCO releases excess water

শ্লুইছ গেট নিৰ্মাণত বিসংগতিৰ অভিযোগ : কলিয়াবৰ আছুৰ ক্ষোভ - Sluice Gate at Kolongmukh

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.