thumbnail

শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভূৰ ৰথ যাত্ৰা: পুৰীৰ পৰা ৰথযাত্ৰাৰ সামগ্ৰিক পৰিৱেশ লাইভ - Rath Yatra 2024

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 9:22 AM IST

Updated : Jul 7, 2024, 6:54 PM IST

ওড়িশাৰ পুৰীত আজিৰে পৰা আৰম্ভ হৈছে মহাপ্ৰভূ জগন্নাথ ৰথ যাত্ৰা ৷ জ্যেষ্ঠ ভাতৃ বলোভদ্ৰ আৰু ভগ্নী সুভদ্ৰা সহিতে ভগৱান শ্ৰীকৃষ্ণ জগন্নাথ মন্দিৰৰ পৰা শ্ৰীগুণ্ডিচা মন্দিৰলৈ যাব ৷ 9 দিনৰ বাবে চলিব এই মহান ধৰ্মীয় অনুষ্ঠান ৷ ইতিমধ্যে ভগৱান শ্ৰীকৃষ্ণ, বলোভদ্ৰ আৰু সুভদ্ৰাৰ বাবে তিনিখন ৰথ সাজু কৰা হৈছে ৷ ফুলেৰে সুসজ্জিত কৰি তোলা হৈছে ৰথ তিনিখন ৷তিনিখন ৰথ ক্ৰমে নন্দিঘোষা, তালধ্বজা আৰু দৰ্পনদালান মন্দিৰৰ সিংহদ্বাৰৰ সমুখত ৰখাই থোৱা হৈছে ৷ এই কেইখন ৰথতে ভগৱান কৃষ্ণ ভাতৃ-ভগ্নী সহিতে শ্ৰীগুণ্ডিচা মন্দিৰলৈ যাব ৷ শ্ৰীমন্দিৰত সকলো কাৰ্যসূচী আৰু বিশেষ অনুষ্ঠান সম্পূৰ্ণ হোৱাৰ পিচত দিনৰ ১:১০ বজাত দেৱতাৰ পাহান্দি বিজে অনুষ্ঠান আৰম্ভ হোৱাৰ কথা । গজাপতি ৰজা দিব্যসিংহ দেৱাই সন্ধিয়া ৪ বজাত ৰথত আনুষ্ঠানিকভাৱে ছেৰাপনহাৰ অনুষ্ঠান সম্পাদন কৰিব । শেষত সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হ’ব ৰথ যাত্ৰা ।সাধাৰণতে জ্বৰৰ পৰা সম্পূৰ্ণ সুস্থ হোৱাৰ পিচত দেৱতাসকলে ভক্তসকলক ''নৱযৌৱন দৰ্শন'' বুলি দৰ্শন দিয়ে যিটো সাধাৰণতে ৰথ যাত্ৰাৰ এদিন আগতে পালন কৰা হয় । কিন্তু এই বছৰ দেৱতাসকলৰ নবযৌৱন দৰ্শন আৰু নেত্ৰষ্টাভ অনুষ্ঠান ৰথ যাত্ৰাৰ দিনা সম্পন্ন কৰা হ’ব, একেধৰণৰ পৰিস্থিতি শেষবাৰৰ বাবে ১৯৭১ চনত হৈছিল ।
Last Updated : Jul 7, 2024, 6:54 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.