ক’ত উদ্ধাৰ কৰা হৈছে দুষ্প্ৰাপ্য লাজুকী বান্দৰ ? - slow loris rescued

By ETV Bharat Assamese Team

Published : May 20, 2024, 2:10 PM IST

thumbnail
ক’ত উদ্ধাৰ কৰা হৈছে দুষ্প্ৰাপ্য লাজুকী বান্দৰ ? (etv bharat assam)

যোৰহাট, 20 মে’ : সোমবাৰে যোৰহাট জিলাৰ মৰিয়নীৰ কাটনীবাৰীৰ চাহ বাগিচাত বিচৰণ কৰি থকা অৱস্থাত এটা দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ কৰা হয় । মৰিয়নীৰ হোলোঙাপাৰাৰ গিবন সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত লাজুকী বান্দৰটো ওলায় অহা বুলি সন্দেহ কৰিছে । 

বান্দৰটো দেখি কাটনীবাৰী চাহ বাগিচাৰ এগৰাকী বন্যপ্ৰাণী প্ৰেমী যুৱকে বাগিচাখনৰ 10 নং বাগান লাইনত বিচৰণ কৰি থকা দেখি বান্দৰটো উদ্ধাৰ কৰি মৰিয়নী বন বিভাগক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত মৰিয়নী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দল উক্ত স্থানত উপস্থিত হৈ বান্দৰটো উদ্ধাৰ কৰে ৷ তাৰ পিচতে বিভিন্ন দিশ পৰ্যালোচনা কৰি লাজুকী বান্দৰটো সুস্থ অৱস্থাত থকা দেখি পুনৰ গিবন অভয়াৰণ্যত লাজুকী বান্দৰটো মুকলি কৰি দিয়ে বন বিভাগে ৷

তাপৰ্যপূৰ্ণ ৰ্যে মৰিয়নীৰ গিবন অভয়াৰণ্য পৰা বিভিন্ন সময়ত খাদ্যয়ে হওক বা অন্য কাৰণত বান্দৰ, হাতী অন্যান্য জীৱ-জন্তু জনাঞ্চললৈ ওলাই আহে । ইতিমধ্যে একাংশ প্ৰকৃতি প্ৰেমীলোকৰ তৎপৰতাত বনাঞ্চলৰ পৰা ওলাই অহা বন্যপ্ৰাণীসমূহ কোনো হানি বিঘিনি নোহোৱাকৈ ৰক্ষা পৰি আহিছে ৷

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ ধেমালিৰ মনোৰম দৃশ্য বন্দী পৰ্যটকৰ লেন্সত - Kaziranga National Park

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.