thumbnail

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰঙিয়াত শতাধিক ৰাইজৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : 3 hours ago

ৰঙিয়া : ৰাজ্যত পুনৰ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ । বুধবাৰে ৰঙিয়াৰ সমীপৰ গোৰেশ্বৰৰ তিনিখন গাঁৱৰ প্ৰায় দুই শতাধিক ৰাইজে ৰঙিয়া বৈদ্যুতিক উপ-সংমণ্ডল-১ ৰ প্ৰৱন্ধকৰ কাৰ্যালয় চৌহদত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰে পৰিৱেশ ৷

প্ৰতিবাদী ৰাইজে বিদ্যুৎ বিভাগক প্ৰিপেইড স্মাৰ্ট মিটাৰ ওভতাই লোৱাৰ দাবী জনোৱাৰ লগতে পূৰ্বৰ পোষ্টপেইড স্মাৰ্ট মিটাৰসমূহ লগাবলৈ সজোৰে দাবী উত্থাপন কৰে । প্ৰতিবাদকাৰীসকলৰ অভিযোগ, সৰ্বসাধাৰণ ৰাইজক কেঁকোৰা চেপা দি চেপি ধৰিছে বিদ্যুৎ বিভাগে ।

ৰাইজে জনোৱা অনুসৰি, দুমাহৰ পূৰ্বে অঞ্চলটোৰ তিনিখন গাঁৱৰ ৰাইজৰ ঘৰত পোষ্টপেইড মিটাৰসমূহ সলনি কৰি প্ৰিপেইড মিটাৰ লগোৱা হয় । তাৰপাছৰে পৰা প্ৰতিঘৰ লোকৰ বিল পূৰ্বতকৈ বহুত বেছি আহিবলৈ ধৰে । ফলত এতিয়া বিপদত পৰিছে ৰাইজ ।

উল্লেখ্য যে প্ৰতিবাদকাৰী ৰাইজৰ বেছিভাগ লোকেই দৰিদ্ৰ সীমাৰেখাৰ তলৰ । প্ৰতিবাদকাৰীসকলে প্ৰতিবাদৰ পিছত বিদ্যুৎ বিভাগৰ এগৰাকী বিষয়াৰ হাতত এখন স্মাৰক পত্ৰও প্ৰদান কৰে ৷

লগতে পঢ়ক : স্মাৰ্ট মিটাৰৰ শ্বৰ্ট চাৰ্কিট চলিয়েই আছে: একেলগে ওলাল ১৮ টাকৈ সংগঠন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.