মানৱ সৰবৰাহ অব্যাহত : বঙাইগাঁৱত ৰে’লৰ পৰা উদ্ধাৰ দুই বাংলাদেশী কিশোৰী - Human trafficking - HUMAN TRAFFICKING

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jun 15, 2024, 3:55 PM IST

বঙাইগাঁও, ১৫ জুন : অসমত পুনৰ সক্ৰিয় হৈ উঠিছে মানৱ সৰবৰাহকাৰী চক্ৰ ৷ নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত উদ্ধাৰ কৰা হয় দুগৰাকী বাংলাদেশী কিশোৰী । আৰ পি এফৰ অভিযানত ৰে’লৰ পৰা উদ্ধাৰ কৰা হয় এই দুই বাংলাদেশী কিশোৰীক ৷ নামনিমুৱা ০৭০২৯ আগৰতলা -ছিকন্দৰাবাদ ৰে’লৰ পৰা এই দুই কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰ পি এফে ।

জানিব পৰা মতে আগৰতলাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল এই দুগৰাকী কিশোৰীয়ে । দালাল চক্ৰই কিশোৰী দুগৰাকীক আগৰতলাৰ সীমাৰ পৰা ভাৰতত প্ৰৱেশ কৰাইছিল গোপন পথেৰে আৰু তাৰ পিচত ৰে’লযোগে হায়দৰাবাদলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল যদিও সফল নহ’ল । কোনো ব্যক্তিয়ে ৰে’লখনত অভিভাৱকহীন কিশোৰী দুগৰাকীক প্ৰত্যক্ষ কৰি ৰে’লৱে’ আৰক্ষীক খবৰ দিয়াৰ পিচত উদ্ধাৰ কৰা হয় কিশোৰী দুগৰাকীক ।

কিশোৰী দুগৰাকীৰ পৰা ভাৰতৰ ভুৱা আধাৰ কাৰ্ডো জব্দ কৰা হৈছে । ইতিমধ্যে আৰ পি এফ আৰু অসম ৰে’ল আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক: প্ৰথমে নাবালিকাক সৰবৰাহ, তাৰ পিচত ধৰ্ষণ কৰি হত্যা...

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.