কৃত্ৰিম বান সমধানত ব্যৰ্থ চৰকাৰ : ড৹ শৰ্মা-সিংহলৰ পুত্তলিকা দাহ ৰাইজৰ দলৰ - Artificial flood in Guwahati

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 9:17 PM IST

thumbnail
গুৱাহাটীত ৰাইজৰ দলৰ প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী, ৯ আগষ্ট : কৃত্ৰিম বানত গুৱাহাটীত সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰক দোষাৰোপ কৰি ৰাইজৰ দলে শুকুৰবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কৃত্ৰিম বান সমস্যা সমধানত ৰাজ্য চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ তুলি ৰাইজৰ দলৰ মঠঘৰীয়াৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৰাইজৰ দলৰ গুৱাহাটী মহানগৰ জিলা সমিতিয়ে ।

ৰাইজৰ দলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহলৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদীসকলে মন্ত্ৰী সিংহলৰ পদত্যাগৰ দাবী তুলি বিভিন্ন চৰকাৰবিৰোধী শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদকাৰীসকলে কৃত্ৰিম বান সমস্য সমাধান কৰিব নোৱৰা মন্ত্ৰী অশোক সিংহলক এগৰাকী বেপাৰী আখ্যা দিযাৰ লগতে মহানগৰীৰ কোনো উন্নতি হোৱা নাই, কেৱল দুৰ্নীতি হৈছে বুলি ব্যক্ত কৰে । প্ৰতিবাদকাৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰশ্ন, ‘‘ বিজেপি দলত ভাল মানুহৰ অভাৱ হ’ল নেকি ? যাৰ বাবে গুৱাহাটী উন্নয়নৰ মন্ত্ৰিত্ব এজন বেপাৰীক দিবলগীয়া হ’ল !’’

লগতে পঢ়ক : যানজঁট-কৃত্রিম বানৰ মাজত ধীৰ গতিত মুখ্যমন্ত্রীৰ কনভয়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.