উন্নয়নৰ ছবি দেখি ৰাইজে কৰিছে হায় হায়; পথৰ যিহে গতি ভৰি দিবলৈও অৱস্থা নাই - Dilapidated Road In Udalguri - DILAPIDATED ROAD IN UDALGURI
🎬 Watch Now: Feature Video


Published : Jul 19, 2024, 2:08 PM IST
ওদালগুৰি, 19 জুলাই : ওদালগুৰি জিলাৰ কলাইগাঁও সমষ্টিৰ অন্তৰ্গত বৰবাগানত কেৱল নামতহে হৈছে উন্নয়ন, কামতহে কিন্তু একো নাই ৷ উন্নয়ন ফোঁপোলা স্বৰূপটো পৰিলক্ষিত হৈছে বৰবাগানত ৷ কিয়নো বোকা-পানীৰে এক কদৰ্যময় অৱস্থাৰ সৃষ্টি হৈছে কলাইগাঁৱৰ পৰা ওদালগুৰিলৈ যোৱা পথছোৱাত ৷
এই পথছোৱাৰে যাতায়ত কৰাৰ নামত দুৰ্ভোগ ভুগিব লগীয়া হৈছে অঞ্চলটোৰ ৰাইজে । স্থানীয় ৰাইজে এই পথছোৱা মেৰামতি কৰি দিবৰ বাবে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া কিম্বা কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়োক কেবাবাৰো আবেদন-নিবেদন কৰিছে ৷ কিন্তু বৰমুৰীয়াসকলে গাঁওবাসীৰ কথাহে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৷
আনকি জৰুৰীকালীন সেৱাৰ বাহনো উক্ত পথছোৱাৰে যাতায়ত কৰিব নোৱাৰে ৷ ফলত দীৰ্ঘদিনৰ পৰা গাঁওবাসীয়ে বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে । ৰাইজৰ এই সমস্যাক গুৰুত্ব দি অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ ক্ষুব্ধ ৰাইজে পুনৰ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে ।