বিকশিত অসমে ঢুকি নোপোৱা ৰঙিয়াৰ বৰদোঙা - Dilapidated Road In Rangia

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 7:18 PM IST

ৰঙিয়া, ২০ জুলাই: ৰঙিয়াৰ বৰদোঙা বটাকুছি-বৰলীয়া নৈৰ মথাউৰি সংযোগী পথৰ বিধ্বস্ত অৱস্থাই ৰাইজক জীয়াতু ভোগাইছে । এই পথটো এতিয়া  মৰণফান্দত পৰিণত হৈছে । স্থানীয় বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষকক আবেদন নিবেদন কৰিও সুফল নাপালে গঞা ৰাইজে । ফলত বৰষুণ দিলে বোকা-পানীৰে কদৰ্যময় অৱস্থাৰ সৃষ্টি হয় । আনকি পথটোৰ কালভাৰ্ট পৰ্যন্ত ভাঙি যোৱাৰ পিচতো কৰা নাই মেৰামতি ।  

অনগ্ৰসৰ এই অঞ্চলটোৰ গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণ নোহোৱাত জনতাই যাতায়তৰ নামত বছৰ বছৰ ধৰি যমৰ যাতনা ভুগি আহিছে । বিশেষকৈ ছাত্র-ছাত্ৰীসকলৰ লগতে বৃদ্ধ আৰু মহিলাই এই পথটোত বোকা-পানী গচকি অতি কষ্টেৰে অহা-যোৱা কৰি আহিছে । পথটোত থকা প্ৰকাণ্ড গাঁতসমূহ এজাক বৰষুণতে পুখুৰীসদৃশ হৈ পৰা বাবে বহু দুৰ্ঘটনাও সংঘটিত হৈছে ।  

জৰুৰীকালীন সময়ত বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেঞ্চ অথবা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱৰাত আন এক সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ । ৰাইজে অতি শীঘ্ৰে পথটোৰ মেৰামতি কৰিবলৈ দাবী জনাইছে । 

লগতে পঢ়ক:উন্নয়নৰ নামত বৃহৎ শূণ্য : পথৰ মাজৰ বৃহৎ গাঁতে সমস্যাত পেলাইছে স্থানীয় লোকক - Dilapidated Road In Tihu

উন্নয়নৰ ছবি দেখি ৰাইজে কৰিছে হায় হায়; পথৰ যিহে গতি ভৰি দিবলৈও অৱস্থা নাই - Dilapidated Road In Udalguri

নিৰ্বিকাৰ চৰকাৰ : সুচল পথৰ আশা বাদ দি গুৰুত্বপূৰ্ণ পথত ৰুলে কঠীয়া - Poor Road in Tihu

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.