বৰপেটাক ৰে'ল আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগৰ দাবীত বিক্ষোভ - AASU Protest in Barpeta

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 9:24 PM IST

thumbnail
বৰপেটাত আছুৰ বিক্ষোভ (ETV Bharat Assam)

বৰপেটা,১৫ আগষ্ট: সত্ৰনগৰী বৰপেটাক ৰে'ল আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগৰ দাবীত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ ২ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী । দেশৰ স্বাধীনতা দিৱসৰ দিনটোতে প্ৰতিবাদী আন্দোলনত চামিল হ'ল বৰপেটা আঞ্চলিক ছাত্ৰ সন্থা । সত্ৰনগৰী বৰপেটাক ৰে'লপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগৰ দাবীত বৰপেটাত আছুৱে ৰূপায়ন কৰে এই বিক্ষোভ কাৰ্যসূচী । বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা বৰপেটা জিলা ছাত্ৰসন্থাৰ কাৰ্যালয়ত ২ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি অসমৰ শতিকাপ্ৰাচীন চহৰ সত্ৰনগৰী বৰপেটাবাসীক ৰে'ল আৰু ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগৰ দাবীৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে ।  

বৰপেটা চহৰৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে'ল সংযোগৰ ব্যৱস্থা নথকাৰ ফলত জিলাবাসীৰ লগতে চহৰখনত চাকৰি কৰা অন্য জিলাৰ চাকৰিয়ালসকলো যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈ আহিছে । আনহাতে ৰে'লৰ ভেকুৱাম ব্ৰেক উদ্ভাৱন কৰি ৰে'ললৈ উল্লেখযোগ্য অৱদান দিয়া কৰ্ণেল গুৰুপ্ৰসাদ দাসৰ জন্মচহৰ বৰপেটাক ৰে'ল পথেৰে সংযোগৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২০১০-১১ চনত জৰীপ সম্পূৰ্ণ কৰাৰ পিছতো ৰে'লপথ নিৰ্মাণৰ কাম আৰম্ভ নকৰা কাৰ্যৰো সমালোচনা কৰে আছুৱে ।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ সময়তে মৰাণ ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ: আৰক্ষীৰ সৈতে হতাহতি প্ৰতিবাদকাৰীৰ - MORAN STUDENTS UNION PROTEST

শৰীৰত তেজ থকালৈকে জেহাদী ব্যৱস্থাৰ বিৰুদ্ধে গালি পাৰি থাকিম : মুখ্যমন্ত্রী - CM ON USTM ISSUE

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.