মণিপুৰৰ হত্যাকাণ্ডই জ্বলাইছে কাছাৰ - MANIPUR VIOLENCE

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 20, 2024, 10:48 PM IST

শিলচৰ: মণিপুৰৰ জিৰিবামৰ জাকুৰাডহৰৰ ৬ গৰাকী মেইটেই শিশু আৰু মহিলা হত্যাৰ প্ৰতিবাদত জুই জ্বলিছে চুবুৰীয়া ৰাজ্যখনত । প্ৰতিদিনেই ৰাজপথলৈ ওলাই আহি হাজাৰ হাজাৰ মেইটেই লোকে এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে । মণিপুৰত ৬ গৰাকী মেইটেই শিশু-মহিলাৰ হত্যাৰ প্ৰতিবাদ চলাৰ সমান্তৰালকৈ কাছাৰতো অব্যাহত আছে ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ । প্ৰতিদিনেই কাছাৰৰ বিভিন্ন প্ৰান্তত বসবাস কৰা মেইটেই লোকসকলে ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ।  

জিৰিবামৰ এই শিশু আৰু মহিলা হত্যাৰ প্ৰতিবাদত বুধবাৰে সন্ধিয়া অসম-মণিপুৰ সীমান্তৰ কাছাৰৰ লক্ষীপুৰ চহৰত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে লক্ষীপুৰৰ শ শ মেইটেই পুৰুষ-মহিলাসহ যুৱক-যুৱতীয়ে । হাতত মমবাতি লৈ লক্ষীপুৰ চহৰৰ বীৰ টিকেন্দ্ৰজিতৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে মেইটেই লোকসকলে । "কুকি উগ্ৰপন্থী হায় হায়" শ্ল'গান দি উত্তাল কৰি তোলে আকাশ-বতাহ ।

লগতে পঢ়ক: মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে মুখ খুলিলে; উগ্ৰপন্থীক কঠোৰ হাতেৰে দমনৰ আশ্বাস

মণিপুৰৰ হিংসা: গৃহমন্ত্ৰীৰ পদত্যাগৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.