মৰিগাঁৱত ইমনৰ প্ৰচাৰ, সমূহ মৰিগাঁওবাসীক ইমন চাবলৈ অনুৰোধ কলা-কুশলীৰ - New Assamese Movie - NEW ASSAMESE MOVIE
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/30-06-2024/640-480-21830179-thumbnail-16x9-emon-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jun 30, 2024, 7:30 AM IST
মৰিগাঁও,৩০ জুন : অহা ৫ জুলাইত ছবিগৃহলৈ আহিব ইমন ফিল্ম ক্ৰিয়েছনৰ বেনাৰত বিপুল চন্দ্ৰ দাস আৰু ইতি দাস গগৈৰ প্ৰযোজনাৰে নতুন অসমীয়া ছবি ‘ইমন’ । ইতিমধ্যে ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে কলা-কুশলীসকল । ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাই শনিবাৰে ইমনৰ পৰিয়াল উপস্থিত হয় মৰিগাঁৱত ।
সিদ্ধাৰ্থ শৰ্মা ফেন ক্লাৱ অসমৰ উদ্যোগত আৰু মৰিগাঁও বিদ্যাজ্যোতি কনিষ্ঠ মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হয় ইমনৰ প্ৰচাৰ অনুষ্ঠান ৷ ইমনৰ প্ৰচাৰ চলাবলৈ মৰিগাঁৱত উপস্থিত হয় কেকে খ্যাত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মা, মোহন খ্যাত দ্বীপজ্যোতি কেওট, জ্যেষ্ঠ অভিনেত্ৰী প্ৰতিভা চৌধুৰীকে আদি কৰি ভালেসংখ্যক কলা-কুশলী ।
ছবিখনত সিদ্ধাৰ্থ শৰ্মাৰ লগতে অভিয় কৰিছে স্নিগ্ধা গগৈ, দেৱজিৎ মজুমদাৰকে আদি কৰি বহু প্ৰতিভাসম্পন্ন অভিনেতা অভিনেত্ৰীয়ে । মৰিগাঁৱত উপস্থিত হৈ অসীম বৈশ্যৰ পৰিচালনাৰ ছবিখন উপভোগ কৰিবলৈ অনুৰোধ জনাইছে ইমনৰ কলা-কুশলীসকলে ।